বিনামূলীয়া স্বাস্থ্য সেৱা-শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যে উপহাৰ কুপন খেল...

বিনামূলীয়া স্বাস্থ্য সেৱা-শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যে উপহাৰ কুপন খেল...

author-image
Asomiya Pratidin
New Update
বিনামূলীয়া স্বাস্থ্য সেৱা-শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যে উপহাৰ কুপন খেল...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমাজৰ দুখীয়া শ্ৰেণীৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা, বিনামূলীয়া শিক্ষা ব্যৱস্থাৰ মহান উদ্দেশ্য আগত ৰাখি স্বেচ্ছাসেৱী সংগঠন "অৰিয়েন্টেল ৰুৰেল ডেভেলপমেন্ট ছচাইটি"ৰ উদ্যোগত এখনি উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছে। তদুপলক্ষে নগাঁও চহৰৰ হয়বৰগাঁৱৰ ধিং ৰোডত থকা অৰিয়েন্টেল ৰুৰেল ডেভেলপমেন্ট চচাইটিৰ কাৰ্যালয়ত এখনি সভা অনুষ্ঠিত হয়।

Advertisment

ডা০ কামাল হাচানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে মোস্তাফা কামালে। অৰিয়েন্টেল ৰুৰেল ডেভেলপমেন্ট ছচাইটিৰ সভাপতি শংকৰ দাস, উপ-সভাপতি হুজ্জাতুল ইছলাম, সম্পাদক শ্বৰিফুজ জামান, কাৰ্যালয় সম্পাদক নুৰ জামাল, উলামা কাউঞ্চিলৰ আছামৰ সভাপতি ৰফিকুল ইছলামে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে উপহাৰ কুপন খেলৰ শুভাৰম্ভ কৰা হয়।

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মোচ্চাবিৰ আলি আহমেদ, সাংবাদিক প্ৰাঞ্জল শইকীয়া, দিলদাৰ হুছেইন, ৰাজু দাস, এহিয়া আহমেদ, মোজাম্মিল খান, জেহিৰুল ইছলাম, আব্বাচ আলি, তৌফিক ৰহমান কে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে।

Also Read: আজি বিশ্ব ৰেড ক্ৰ'ছ দিৱস...

batadrava