আজি বিশ্ব ৰেড ক্ৰ'ছ দিৱস...

আজি বিশ্ব ৰেড ক্ৰ'ছ দিৱস...

author-image
Asomiya Pratidin
New Update
আজি বিশ্ব ৰেড ক্ৰ'ছ দিৱস...

ডিজিটেল ডেস্কঃ সুৰক্ষা, সাহায্য, স্বাস্থ্যসেৱা, সামাজিক সাহায্য আৰু সংহতিৰ প্ৰয়োজনীয়তা থকা লোকসকলৰ কাষত কাম কৰা লাখ লাখ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই আজি বিশ্ব ৰেড ক্ৰ'ছ বা ৰেড ক্রীচেপ্ট দিৱস পালন কৰা হৈছে।

Advertisment

মানব সমাজৰ দুখ-কষ্ট, আৰ্তজনৰ চিকিৎসা সেৱাৰ বাবে আৰম্ভ কৰা ৰেডক্রছ নামৰ এই মহান সংস্থাটো ১৯০১ চনত প্রথম শান্তিৰ ন'বেল বঁটা বিজয়ী চুইজাৰলেণ্ডৰ নাগৰিক জিন হেনবী ডুনান্তৰ জন্মদিন উপলক্ষে বিশ্বজুৰি পালন কৰা হয়।

ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেপ্ট আন্দোলনৰ মানৱীয় কাম আৰু নীতিক সন্মান জনাই প্ৰতি বছৰে ৮ মে'ৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ'ছ দিৱস উদযাপন কৰা হয়। হেনৰি ডুৰাণ্ট নামৰ এগৰাকী ছুইছ নাগৰিকে আজিৰ পৰা ১৬০তকৈও অধিক বছৰ পূৰ্বে ১৮৬৩ চনত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ'ছ আন্দোলনৰ গুৰি ধৰিছিল।

বিশ্বজুৰি এই আন্দোলনৰ সৈতে প্রায় ৮ কোটি লোক জড়িত হৈ আছে, যিসকলে দুর্যোগ, সংঘাত আৰু স্বাস্থ্য তথা সামাজিক সমস্যাৰ সন্মুখীন হোৱা লোকক সহায় কৰি আহিছে।

Also Read: জকাইত মানুহ-বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত সন্দৰ্ভত কৰ্মশালা...

world red cross day