/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ac523a43-4025-4127-b959-e47080b44a32/363.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ শিশু,আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভাখনি শুকুৰবাৰে জিলা শাখা কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা আই মাতৃসকলৰ সভাত সমূহীয়া ঘোষাৰে সভাৰ শুভাৰম্ভণি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7270ece8-788b-469c-a44b-317e7833a5d7/efddc7b7_80eb_4b60_8a7b_3ef986ba6d48.jpg)
নগাঁও জিলা শাখা শিশু আই-মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী সোণপা শইকীয়াৰ সঞ্চালনাত সভাখনি উদ্বোধন কৰে সংঘৰ জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই। শিশু আই-মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা প্ৰিমলি বৰাই আঁত ধৰা অনুষ্ঠানটিত সংঘৰ মূল সদস্য নলিনী বৰা,জ্যোতি প্ৰসাদ ভূঞা,গোবিন দাস,হৰিদাস ৰাজকুমাৰ,চেনাৰাম ডেকা,মৃণাল ভাগৱতী,ধীৰচিং বৰদলৈ,বাসন্তী ভূঞা,দীপামনি ভাগৱতীকে ধৰি ২ শতাধিক আই মাতৃ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e108161d-6523-4007-a075-f29fca9f7442/5cf1ddc6_4e28_4a9e_82e7_8c812cf90e7d.jpg)
উল্লেখ্য যে, ২০০৫ চনতে গঠিত হোৱা শিশু আই-মাতৃ কল্যাণ সমিতিৰ ২০০৫ চনৰ পৰা ২০২১ চনলৈ মুঠ ১৪ গৰাকী বিষয়াববীয়া আৰু এগৰাকী আই মাতৃক মৰণোত্তৰভাৱে সভাত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচাৰে আই মাতৃসকলক সম্বৰ্ধনা জনোৱা হয়।
Also Read: তেলেংগানাত মুখ্যমন্ত্ৰী হ'ব পিছপৰা শ্ৰেণীৰ : অমিত শ্বাহ