সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সভা সম্পন্ন

সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ, নগাঁও : সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চ ,নগাঁৱৰ সাধাৰণ সভাখনি বুধবাৰে পানীগাঁও ছয়আলি ১৯৮ নং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মঞ্চৰ সভাপতি হিৰণ্য বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মুক্তি বৰাই।

ইয়াৰ পাছতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। তাৰপিছত মঞ্চৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত মঞ্চৰ কাৰ্যকৰী সভাপতি দ্বীজেন্দ্ৰ নাথ হাজৰিকাৰ লগতে তুলসী শইকীয়া , হৰভজন সিং, সমাজকৰ্মী অতুল কুমাৰ মেধি , সাংবাদিক কনক হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

সভাত ডা০ প্ৰভাত কুমাৰ শইকীয়া আৰু গুণদা গোস্বামীক সম্বৰ্ধনা জনোৱা হয়।আনহাতে ভবেন বৰা , নগেন খাউণ্ড , গৌৰীবল্লভ গোস্বামী ,অশোকৰাম ভট্টাচাৰ্য , বৈজয়ন্তী খাউণ্ড ,পদ্ম গোস্বামী ,অৰূপ কুমাৰ গোস্বামী আদিয়ে স্বৰচিত কবিতা পাঠ কৰে।

শিল্পী শিৱ প্ৰসাদ বৰা আৰু ভদ্ৰকান্ত দাসে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। সভাত আগন্তুক বিশ্বপৰিবেশ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে স্মৰণিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সভা সম্পন্ন
ক্ৰীড়া পেঞ্চনাৰ মাণিক চন্দ্ৰ ৰায়ৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in