/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/dbafe91e-6995-4df2-bab9-ef864b9c2f65/1586fd82_5a6e_4c51_ac29_2deb8a407850.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : চিম্বৰগাঁও বাতাবাৰী নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া পেঞ্চনাৰ মাণিক চন্দ্ৰ ৰায়ৰ বুধবাৰে পুৱা ৫:০০ বজাত নিজ গৃহত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ।
উল্লেখ কৰা প্ৰয়োজন যে তেওঁ আছিল ১৯৬৯ চনৰ সুব্ৰত মুখাৰ্জী ফুটবল টুৰ্ণামেণ্টৰ খেলুৱৈ। ইয়াৰোপৰি অসম ফুটবল সন্থাৰ অধীনৰ ফুটবল ৰেফাৰী, কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থা ৰেফাৰী বৰ্ডৰ সম্পাদক, অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ, গৌৰাং হাইস্কুলৰ প্ৰাক্তন সহঃশিক্ষক, চিম্বৰগাঁওৰ প্ৰখ্যাত এভাৰেষ্ট ক্লাৱৰ প্ৰতিষ্ঠাপক।
মৃত্যুৰ পূৰ্বে পত্নী , দুজন পুত্ৰ , তিনিগৰাকী কন্যা , দুগৰাকী বোৱাৰী , নাতি -নাতিনী আৰু অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায়। উল্লেখ্য যে অঞ্চলটোত সৰবৰাহী ব্যক্তি হিচাপে পৰিচিত মাণিক চন্দ্ৰ ৰায় দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভূগি আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9c1f7a08-c38e-4995-af10-50ca693ee183/9784cd29_8fa3_4ae0_ba1f_c46b1e8d2e5f.jpg)
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই মৃতকৰ বাসগৃহত ভিৰ কৰে । ইয়াৰোপৰি তেঁওৰ মত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।
ইয়াৰ ভিতৰত কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰী , বড়ো সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক গোপীনাথ বৰগয়াৰী , জিলা ক্ৰীড়া সন্থাৰ সভাপতি / সম্পাদক , আক্ৰাছু, এবছু , নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধি, এভাৰেষ্ট ক্লাৱৰ বিষয়ববীয়া আদি।
লগতে চিম্বৰগাঁও হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা বড়ো সমাজৰ অগ্ৰণী নেতা বিবেকানন্দ নাৰ্জাৰী , চিম্বৰগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক সানসুমৈ বসুমতাৰীকে ধৰি অজস্ৰ ব্যক্তি, দল -সংগঠন ,অনুষ্ঠান -প্ৰতিষ্ঠানে মৃতকৰ ঘৰত উপস্থিত হৈ নিকটাত্মীয়ৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । বিয়লি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত চিম্বৰগাঁওত মানিক চন্দ্ৰ ৰায়ৰ শেষকৃত্য সম্পন্ন কৰা হয়।