বটদ্ৰৱাৰ ইফতাৰ পাৰ্টিত ঘেৰাও সাংসদ গৌৰৱ গগৈক...

বটদ্ৰৱাৰ ধূপগুৰিত সাংসদ গৌৰৱ গগৈৰ ইফতাৰ পাৰ্টিৰ অন্তত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ ইফতাৰ পাৰ্টিত ঘেৰাও সাংসদ গৌৰৱ গগৈক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ধূপগুৰিত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় ইফতাৰ পাৰ্টি। পাৰ্টিৰ অন্তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

Advertisment

সন্ধ্যা সাংসদ গৰাকীক ঘেৰাও কৰি সমষ্টিত দেখা নোপোৱাৰ অভিযোগ তুলে এজন যুৱকে। ইমৰাদুল ইছলাম নামৰ যুৱক জনে ধূপগুৰিৰত জবাব দিহি কৰে সাংসদ গৰাকীক। ইয়াকে লৈ কংগ্ৰেছ কৰ্মী আৰু ইমৰাদুল ইছলামৰ মাজত হতাহতি হয়।

আনহাতে ইমৰাদুলে ইছলাম নিজে এজন কংগ্ৰেছ কৰ্মী বুলি দাবী কৰে। ঘটনাৰ সময়ত উপস্থিত আছিল বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা শিবামনি বৰাৰ লগতে কংগ্ৰেছ দলৰ নেতা-কৰ্মী।

Also Read: তিনিচুকীয়াত জ্যোতি-বিষ্ণুৰ আৱক্ষ মূৰ্তি উন্মোচন...

Assam Pradesh Congress Commitee All India Congress Committee