কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক গল্প ৰত্ন অভিধা প্ৰদান

"জীৱনত বহুতো কিবা কিবি বঁটা-পুৰস্কাৰ আদি পালো যদিও এইদৰে উপাধি বা অভিধা লাভ কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ইয়ে মোক স্বৰ্গীয় আনন্দ দান কৰিলে ৷"
কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক গল্প ৰত্ন অভিধা প্ৰদান

ডিজিটেল সংবাদ, নগাঁওঃ "ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা অসমীয়া গ্ৰাম্য কথকতাৰ ৰূপকাৰ। তেওঁৰ গল্পৰ ঘাই উপজীব্য অসমীয়া গ্ৰাম্য সমাজ।কলং কপিলীৰ দৰে তেওঁ‌ৰ গল্পত জাকৈ,জুলুকি,প'ল,দলঙাই অসমীয়া গ্ৰাম্য সংস্কৃতিক চহকী কৰিছে।শেষ হৈও শেষ নোহোৱা ভাব এটা তেওঁ‌ৰ গল্পৰ ঘাই বৈশিষ্ট্য।

ফকৰা-যোজনা,প্ৰবাদ প্ৰবচনেৰে তেওঁ‌ৰ গল্প উপচি আছে। শালীনতাবোধ আৰু নাৰীৰ প্ৰতি মৰ্যাদা সূচক দৃষ্টি ভংগী তেওঁ‌ৰ গল্পৰ আন এক বিশেষত্ব। বহু সংখ্যক গল্প লিখাৰ পিছতো আজিৰ প্ৰজন্মৰ ওচৰত তেওঁ‌ পৰিচিত নোহোৱাটো দুৰ্ভাগ্যজনক কথা।” অসমৰ প্ৰথিতযশা কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ বুধবাৰে ৮০ সংখ্যক ওপজা দিনত উল্লিখিত মন্তব্য কৰে বিশিষ্ট লেখিকা তথা নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপিকা কল্পনা হাজৰিকা গায়নে ৷

নগাঁও জিলাৰ সাহিত্য সভাৰ কমলাদেৱী তোদী স্মৃতি ভৱন প্ৰেক্ষাগৃহত জিলাখনৰ প্ৰাচীন সামাজিক-সাংস্কৃতিক অনুষ্ঠান কলংপৰীয়া আলোচনা চক্ৰ আৰু সুৰৰ পানচৈ শিল্পী সমাজৰ যুটীয়া উদ্যোগত আয়োজিত ৰামধেনু যুগৰ কথা সাহিত্যিকগৰাকীৰ ওপজা দিনটোত নগাঁৱৰ বাভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোক উপস্থিত থাকি ফুলাম গামোচা, গ্ৰন্থ, ফুলৰ থোপা আদিৰে সম্ভাষণ জনায় ৷

কলংপৰীয়া আলোচনা চক্ৰৰ সম্পাদক বিচিত্ৰ নাৰায়ণ বৰাই অভ্যাগত সকলক চিনাকি কৰাই দিয়া অনুষ্ঠানটিত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক মিলেশ্বৰ পাতৰ সন্মানীয় অতিথি হিচাপে যোগদান কৰি সাহিত্যিক ৰাজখোৱাৰ ৰচনা সমগ্ৰ একত্ৰে প্ৰকাশ কৰা ক্ষেত্ৰত কোনো সদাশয় লোকে আগভাগ লোৱাটো অত্যন্ত প্ৰয়োজন বুলি মত ব্যক্ত কৰে ৷ শিল্পী মামণি শৰ্মা ভট্টাচাৰ্যৰ ভক্তিমূলক গীত পৰিবেশনৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই ৷

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত কলংপৰীয়া আলোচনা চক্ৰ আৰু সুৰৰ পানচৈ শিল্পী সমাজৰ তৰফৰ পৰা গল্পকাৰ ৰাজখোৱাক আনুষ্ঠানিকভাবে 'গল্প ৰত্ন' অভিধা প্ৰদান কৰা হয় ৷ গল্প ৰত্ন অভিধা প্ৰদানৰ পূৰ্বে চক্ৰৰ সভাপতি, বিশিষ্ট লেখক প্ৰদীপ কুমাৰ শইকীয়াই সমবেত দৰ্শক ৰাইজক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়াই ৰাজখোৱাৰ দৰে এজন প্ৰসিদ্ধ সাহিত্যিকক গল্প ৰত্নৰ দৰে সন্মান প্ৰদান কৰিবলৈ পাই মানসিক প্ৰশান্তি লাভ কৰা বুলি অভিমত প্ৰকাশ কৰে ৷

আনহাতে গল্প ৰত্ন অভিধা গ্ৰহণ কৰি বৰ্ষীয়ান সাহিত্যিক গৰাকী একপ্ৰকাৰ উচ্চসিত হৈ কয় "জীৱনত বহুতো কিবা কিবি বঁটা-পুৰস্কাৰ আদি পালো যদিও এইদৰে উপাধি বা অভিধা লাভ কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ইয়ে মোক স্বৰ্গীয় আনন্দ দান কৰিলে ৷"

অনুষ্ঠানত প্ৰবীণ কণ্ঠশিল্পী কুমকুম বৰুৱা, অধ্যাপক মোহিনী মোহন ডেকা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ভৱেশ মেধি, বিশিষ্ট শিশু সাহিত্যিক নূপুৰ মোমাইদেউ, শিশু প্ৰেমী দুলাল বৰা, বিশিষ্ট নাট্যকাৰ দীপক বৰা, বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং,কবি অশোকৰাম ভট্টাচাৰ্য,চন্দ্ৰশইকীয়া,দীপ্তি শইকীয়া,মালা কাকতি,প্ৰণীতা শৰ্মা, দীপা পণ্ডিত, কাবেৰী মহন্ত,দীপকৰাম ভট্টাচাৰ্য, বিশিষ্ট ভাস্কৰ্য শিল্পী ৰাজীৱ মহন্ত, দীপিকা নাথ, চিৰিণ বেগম,অধিবক্তা কৃপাসিন্ধু অধিকাৰী প্ৰমুখ্যে শতাধিক গুণী-জ্ঞানী লোক উপস্থিত থাকে।

অনুষ্ঠানটিত কবি স্মৃতা কলিতাৰ 'সঠিক জীৱনৰ সোপান' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই ৷ সু-আবৃত্তিকাৰ পূৰবী শইকীয়াৰ আবৃত্তি, শিল্পী প্ৰণতি বৰা আৰু হেলেন পণ্ডিতৰ সুৱদি সুৰীয়া গীতে অনুষ্ঠানটিক বিশেষ গাম্ভীৰ্য প্ৰদান কৰাৰ লগতে জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক গল্প ৰত্ন অভিধা প্ৰদান
বিভিন্ন দাবীৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in