বিভিন্ন দাবীৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিবলৈ আহবান
বিভিন্ন দাবীৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

ডিজিটেল সংবাদ ,ধেমাজি : বিগত ১১ বছৰে একেৰাহে কৰ্মৰত প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰণৰ দাবীত বুধবাৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ ধেমাজি জিলা সমিতিৰ এটি প্ৰতিনিধি দলে ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক প্ৰাঞ্জল প্ৰতিম চাংমাই ,উপদেষ্টা নিৰ্মল বৰাৰ উপস্থিতত জিলা সমিতিৰ সভাপতি হৰিপ্ৰসাদ বৰগোহাঁই ,যুটীয়া সম্পাদকদ্বয় লোহিত ফুকন আৰু ৰেৱট শইকীয়াই স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰি কয় যে চলিত বছৰৰ ২৩ জানুৱাৰী অসম ৰাজ্যিক কেবিনেটে গুণোৎসৱ ২০২২ আৰু ২০২৩ বৰ্ষত একেধাৰে দুবাৰ এ প্নাছ গ্ৰেড প্ৰাপ্ত বিদ্যালয়সমূহত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰন হ'ব বুলি সিদ্ধান্ত লোৱা খবৰে স্বাভাবিকতে টেট শিক্ষক সমাজক আনন্দিত কৰিছিল যদিও আচৰ্য্যজনকভাৱে যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ দ্বাৰা প্ৰকাশ হোৱা নটিফিকেচনত টেট শিক্ষক সমাজে ভবাৰ ওলোটা হে কাৰ্য্যকৰী কৰিবলৈ বিচৰা কাৰ্যই টেট উৰ্ত্তীণ শিক্ষক সমাজৰ শিক্ষকসকলক হতভম্ব কৰি তুলিছে ৷

সদ্য ঘোষিত নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি কৰ্মৰত শিক্ষক সকলৰ নিয়মীকৰণ হোৱা চাকৰি তাৰখিটো যোগদানৰ তাৰিখ হিচাপে গণ্য কৰিছে বুলি উল্লেখ কৰি উক্ত চাকৰি চৰকাৰে নিয়মীকৰণ নহয় নতুন চাকৰি এটাত মকৰল কৰিবলৈ বিচৰা দৰে হৈছে বুলিও উল্লেখ কৰে।

যাৰ বাবে টেট উৰ্ত্তীৰ্ণ শিক্ষকসকলে চাকৰি জ্যেষ্ঠতা হেৰুৱাৰ লগতে দৰমহাৰ ক্ষেত্ৰতো যথেষ্ট ক্ষতিৰ হোৱা সম্ভাৱনা হৈ পৰিছে ৷ সেয়ে সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ ধেমাজি জিলা সমিতিয়ে গুণোৎসৱত উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিদ্যালয়খনক দুবাৰকৈ এ প্লাছ লাভ কৰোৱাৰ পুৰস্কাৰ নামত চাকৰিত নতুনকৈ যোগদান কৰি বৰ্তমানে পাই থকা সকলো সা-সুবিধা হেৰুৱাই পুনৰ চাকৰি আৰম্ভণি কৰিবলৈ বিচৰা এই ব্যৱস্থাটোকে একেমুখে বিৰোধিতা কৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিবলৈ আহবান জনাইছে ৷

অন্যথা কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে ঘোষণা কৰা ৰাজধানী দিল্লীত হ'বলগীয়া গণতান্ত্ৰিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা উপৰিও অহা ৬ মাৰ্চত সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ সকলো জিলা সমিতিৰ সহযোগত প্ৰধানমন্ত্ৰীলৈ প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষকৰ চহী সম্বলিত পত্ৰ প্ৰেৰণ কৰিব বুলিও প্ৰতিনিধি দলটিয়ে জানিবলৈ দিয়ে ৷

বিভিন্ন দাবীৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
নগাঁৱৰ চিলংনীত গৰাকীবিহীন ঘোঁৰা উদ্ধাৰ প্ৰকৃতিপ্ৰেমী যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in