সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱালৈ গল্প ৰত্ন

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগীত চন্দ্ৰ মহন্তই উদ্বোধক হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিকেও অংশ গ্ৰহণ কৰিব
সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱালৈ গল্প ৰত্ন

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ খুটিকটীয়াৰ নিবাসী তথা অসমৰ ৰামধেনু যুগৰ এগৰাকী স্বনামধন্য কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা ৷ ৰাজখোৱাই অসমীয়া গল্প সাহিত্যৰ বেদীলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য ৷

তেওঁৰ সৃষ্টিৰাজীয়ে অসমীয়া পাঠক ৰাইজৰ হৃদয়ত সাঁচ বহুৱালৈ সক্ষম হৈছিল ৷ ইতিমধ্যে ৰাজখোৱাৰ 'ঢৌ খেলি ঢৌ খেলি’, ’শম্ভূধন ফংল’ছা’ আৰু 'কলং বৈ যায়’ নামেৰে ৩ খন উপন্যাসৰ সংকলন প্ৰকাশ হৈছে ৷

আনহাতে তেওঁৰ "কলং বৈ যায়” উপন্যাসখন তিনিখনকৈ উপন্যাস সমৃদ্ধ এখন সংকলন ৷ 'এখন নতুন দলং’, 'মই বুজি পালোঁ’, 'এদিন ক্লিয়’পেট্ৰাই কান্দিছিল’, 'মা’, 'তললৈ আৰু তললৈ’, 'কেম্পটী জলপ্ৰপাত’, 'নাতি আৰু হাতী’,মোৰ গাঁও মোৰ দেশ’ নামেৰে ৰাজখোৱাৰ কেইবাখনো নিৰ্বাচিত গল্পৰ সংকলনো প্ৰকাশ হৈ সাহিত্যানুৰাগী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিল ৷

এইগৰাকী যশস্বী কথাশিল্পীৰ ১ মাৰ্চত ৮০ সংখ্যক ওপজা দিন ৷ জন্মদিন উপলক্ষে নগাঁৱৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান কলংপৰীয়া আলোচনা চক্ৰ আৰু অন্য এটি সাংস্কৃতিক অনুষ্ঠান সুৰৰ পানচৈ শিল্পী সমাজৰ যুটীয়া উদ্যোগত ৰাজখোৱাৰ ওপজা দিনটো নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱন প্ৰেক্ষাগৃহত দিনৰ ২ বজাত আয়োজন কৰা হৈছে বুলি অনুষ্ঠান দুটিৰ সম্পাদকদ্বয় বিচিত্ৰ নাৰায়ণ বৰা আৰু প্ৰাঞ্জল বৰদলৈয়ে জানিবলৈ দিয়ে ৷

উক্ত অনুষ্ঠানতে অনুষ্ঠান দুটিৰ তৰফৰ পৰা কথাশিল্পী গৰাকীলৈ "গল্প ৰত্ন” অভিধা আগবঢ়োৱা হ'ব ৷ লগতে বিশিষ্ট লেখিকা তথা নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপিকা কল্পনা হাজৰিকা গায়নে ৰাজখোৱাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত এটি বক্তৃতা প্ৰদান কৰিব ৷

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগীত চন্দ্ৰ মহন্তই উদ্বোধক হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিকেও অংশ গ্ৰহণ কৰিব ৷

সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱালৈ গল্প ৰত্ন
বন বিভাগৰ সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ বহি ৰাজ্যৰ প্ৰাৰ্থী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in