কৰৈয়নীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন...

নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ বিত্ত বিভাগৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান "RAAHEIN" আৰু মাৰোৱাৰী চিকিৎসালয় গুৱাহাটীৰ সহযোগত শুকুৰবাৰে নগাঁও জিলাৰ কৰৈয়নীৰ হেঙুলীচুক প্ৰাৰ্থমিক বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
কৰৈয়নীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন...

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ বিত্ত বিভাগৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান "RAAHEIN" আৰু মাৰোৱাৰী চিকিৎসালয় গুৱাহাটীৰ সহযোগত শুকুৰবাৰে নগাঁও জিলাৰ কৰৈয়নীৰ হেঙুলীচুক প্ৰাৰ্থমিক বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ।

Advertisment

উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত অঞ্চলটোৰ ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰামৰ্শ প্ৰদান কৰাৰ লগতে ৰোগী সকলক বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয় ।

নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃগাংক শইকীয়াই শুভাৰম্ভ কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত গুৱাহাটীৰ মাৰোৱাৰী চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক নগেন্দ্ৰ নাৰায়ণ শৰ্মা আৰু আনিচুৰ চৌধুৰী, উপস্থিত থাকি দুই শতাধিক ৰোগীক পৰামৰ্শ আগবঢ়ায় । স্বাস্থ্য পৰীক্ষা শিবিৰত মহাবিদ্যালয়ৰ বিভাগৰ অধ্যাপক ড: কল্পেন্দ্ৰ দাস, ৰাম প্ৰসাদ পাটৰ আদি উপস্থিত থাকে।

স্বাস্থ্য পৰীক্ষা শিবিৰ
স্বাস্থ্য পৰীক্ষা শিবিৰ

Also Read: সাহিত্য অকাডেমিৰ সহযোগত কটন বিশ্ববিদ্যালয়ত কবিতা উৎসৱৰ আয়োজন...

Free health check-up ngo