/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b221e481-6350-4d6d-b3ca-34dfacd3db8c/AP_FOR_WEB_anil_arora.jpg)
ডাঃ অনিল অৰোৰালৈ জীৱনজোৰা সাধনা বঁটা...
ডিজিটেল সংবাদ গুৱাহাটীঃ নৰ্থ-ইষ্ট লিভাৰ ফাউণ্ডেচন ছ'চাইটিৰ উদ্যোগত খানাপাৰাস্থিত গ্রীনউড ৰিজৰ্টত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় নৰ্থ-ইষ্ট মেডিকন, ২০২৩। এই মেডিকনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ গৰাকী অভিজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে পুৱা ১১ বজাত নৰ্থ-ইষ্ট লিভাৰ ফাউণ্ডেচন ছ'চাইটিৰ লগত বিভিন্ন ধৰণে জড়িত অসমৰ বিভিন্ন জিলাৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, অসম পুলিচ ৱাইভছ ৱেলফেয়াৰ এছ'চিয়েচনৰ প্ৰাক্তন সভানেত্রী স্বপ্নালী মহন্ত, নেৰিম গ্রুপ অব্ ইনষ্টিটিউচনৰ সঞ্চালক ড° সংগীতা ত্রিপাঠীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/13c5c1be-5264-496f-9ce0-7888db268a8a/e195323f_5886_4235_b70e_07d77f72d472.jpg)
অনুষ্ঠানত নৰ্থ-ইষ্ট লিভাৰ ফাউণ্ডেচনৰ বছৰজোৰা কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি যুগুতোৱা এখন তথ্যচিত্রও প্ৰদৰ্শন কৰা হয়। বিয়লি ৩ বজাৰ পৰা মধুমেহ ৰোগ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়।
সন্ধিয়া অনুষ্ঠিত ‘মেডিকন ২০২৩’ৰ মূল কাৰ্যসূচীত অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড (এ আই ডি চি)ৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, দিছপুৰ হাস্পতালৰ গেষ্ট এন্ট্রলজি আৰু হেপাট’লজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক ভৱদেৱ গোস্বামী, ডাউন টাউন হাস্পতালৰ ডাঃ ৰূপম দাসেও অংশগ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ff752b97-6a11-4636-aa71-0b9ff4a130bc/979e33cb_3b72_4f98_bdf0_9530c51ab520.jpg)
নৰ্থ ইষ্ট লিভাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সভাপতি ডাঃ অমিতাভ শৰ্মাই এই সভাতে চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক প্ৰফেছাৰ অনিল অৰোৰাক ছ'চাইটিৰ তৰফৰ পৰা 'জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4c16447a-2d3f-45fc-a34b-dceeecc3bc4e/b081e826_0f7a_4419_9e11_13c945e7b4a7.jpg)
সভাত অসমৰ দহগৰাকী চিকিৎসক, সাংবাদিক ৰঞ্জিতা দেবীসহ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
Also Read: ধিংৰ উত্তৰ কমলাবাৰী শাখা সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা...