ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলৰ প্ৰতিষ্ঠা দিৱস পালন

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন গীত-নৃত্যই উপস্থিত দৰ্শক-ৰাইজক আপ্লুত কৰে

author-image
Asomiya Pratidin
New Update
ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,বেবেজীয়া : ১৯৭৯ চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলাৰ ঘাঁহী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই।

Advertisment

ইয়াৰ পিছতে পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰাই। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন গীত-মাতৰ অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে, অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন গীত-নৃত্যই উপস্থিত দৰ্শক-ৰাইজক আপ্লুত কৰে। কৃতি শিক্ষক ভূপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানত ঘাঁহী আঞ্চলিক সাহিত্য সভাৰ সম্পাদক ৰেব দাস, শিক্ষাবিদ ডিম্বেশ্বৰ দাস প্ৰমূখ্যে বহুকেইজন ব্যক্তিৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।

Also Read: সুৰামত্ত আৰক্ষীৰ কাণ্ড- অভিযুক্তৰ পৰিৱৰ্তে অভিযোগকাৰীৰ পিতৃ, কন্যাক লকআপ...

High School Bebejia