সুৰামত্ত আৰক্ষীৰ কাণ্ড- অভিযুক্তৰ পৰিৱৰ্তে অভিযোগকাৰীৰ পিতৃ, কন্যাক লকআপ...

সুৰামত্ত আৰক্ষীৰ কাণ্ড- অভিযুক্তৰ পৰিৱৰ্তে অভিযোগকাৰীৰ পিতৃ, কন্যাক লকআপ...

author-image
Asomiya Pratidin
New Update
সুৰামত্ত আৰক্ষীৰ কাণ্ড- অভিযুক্তৰ পৰিৱৰ্তে অভিযোগকাৰীৰ পিতৃ, কন্যাক লকআপ...

সুৰামত্ত আৰক্ষীৰ কাণ্ড- অভিযুক্তৰ পৰিৱৰ্তে অভিযোগকাৰীৰ পিতৃ, কন্যাক লকআপ...

ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানীত মদ্যপান কৰি আৰক্ষীৰ অসভ্যালি। পদকীয়াৰ পৰিবৰ্তে গোচৰীয়া ধৰি আনি ভৰালে লকআপত। এগৰাকী বৃদ্ধ ব্যক্তিৰ লগতে দুগৰাকী শিশু, কিশোৰীক ঘৰৰ পৰাই চোচোৰাই লৈ অনাৰ অভিযোগ।

Advertisment

অৱশেষত হাতত তামোল-পান লৈ নিজৰ ভুলৰ ক্ষমা বিছাৰিলে আৰক্ষীৰ হাবিলদাৰ ভূপেন বৰাই। মেৰাপানী আৰক্ষী থানাৰএইগৰাকী হাবিলদাৰে দিন দুপৰতে মদ্যপান কৰি চলালে তাণ্ডৱ।

অভিযুক্তৰ পৰিবৰ্তে অভিযোগকাৰী যুৱকৰ বৃদ্ধ পিতৃ আৰু কিশোৰী নাতিয়েকক থানালৈ ধৰি অনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানীত। ঘটনাৰ বিৱৰণ অনুসৰি, ৫ নং গমাৰিৰ পুলিন শইকীয়া নামৰ ব্যক্তিজনৰ সাংসাৰিক কন্দলৰ ফলশ্ৰুতিত পতি-পত্নীৰ কাজিয়াৰ ঘটনা পাইছিলগৈ মেৰাপানী থানাত। ইয়াৰ পাছতেই পুলিন শইকীয়াই তেওঁৰ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে হতাহতি হোৱাৰ সন্দৰ্ভত খুলখালীয়েক সঞ্জীৱ বৰাৰ বিৰুদ্ধে যোৱা বৃহস্পতিবাৰে মেৰাপানী থানাত দাখিল কৰিছিল এজাহাৰ। এই সন্দৰ্ভত আজি মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত ভূপেন বৰা নামৰ আৰক্ষীৰ হাবিলদাৰ জনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযুক্তৰ পৰিবৰ্তে থানালৈ অভিযোগকাৰীৰ বৃদ্ধ পিতৃ আৰু দুই কন্যাক উঠাই অনাৰ পাছতে মেৰাপানী আৰক্ষী থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

নিৰপৰাধী ব্যক্তিক লকআপ কৰাৰ পৰিণতিত অৱশেষত ৰাইজৰ ৰোষত পৰিল হাবিলদাৰ ভূপেন বৰা। ইয়াৰ পাছতে হাতত তামোল, পান লৈ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ পাছত পৰিস্থিতি শান্ত হয় যদিও গোচৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়াই আশ্বাস দিয়াতহে ঘৰাঘৰি গ'ল ৰাইজ। এই ঘটনাৰ পাছতে আৰক্ষীজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে।

Also Read: নগাঁৱৰ ঘাঁহীত কৈৱৰ্ত সন্মিলনীৰ সজাগতা সভা

অসম আৰক্ষী মেৰাপানী