নগাঁৱৰ ফুটবল ক্লাব যুৱতীৰ্থৰ প্ৰাক্তন খেলুৱৈ মহম্মদ আলীৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ফুটবল ক্লাব যুৱতীৰ্থৰ প্ৰাক্তন খেলুৱৈ মহম্মদ আলীৰ মৃত্যু...

ডিজিটেল ডেস্কঃ এসময়ৰ নগাঁৱৰ আগশাৰীৰ ফুটবল ক্লাব যুৱতীৰ্থৰ নিয়মীয়া খেলুৱৈ মহম্মদ আলী আৰু নাই। প্ৰাক্তন ফুটবলাৰগৰাকী ৬মে' সোমবাৰে মৃত্যুবৰণ কৰে।

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।পৰিয়ালৰ লোকে জনোৱা অনুসৰি বাৰ্ধক্যজনিত কাৰণত ফুটবল খেলুৱৈ মহম্মদ আলীৰ মৃত্যু হয় ৷ উল্লেখ কৰা প্ৰয়োজন যে নগাঁও চহৰৰ উপকণ্ঠীয় বৰভেটী গাঁৱত ১৯৫১ চনত জন্ম হৈছিল মহম্মদ আলীৰ।

উল্লেখযোগ্য যে মহম্মদ আলীয়ে ২০১৩ চনত স্বাস্থ্য বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ তেওঁ নগাঁও জিলা ক্ৰীড়া সন্থাৰ লগতো জড়িত আছিল ৷

তদুপৰি তেওঁ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত কলকতাৰ ভাতৃ সংঘৰ বিৰুদ্ধে যুৱতীৰ্থৰ হৈ গ'ল স্ক'ৰ কৰিছিল ৷ মৃত্যুৰ সময়ত মহম্মদ আলীয়ে পত্নী, দুজন পুত্ৰ, বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীকে ধৰি ভালেসংখ্যক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷ মহম্মদ আলীৰ মৃত্যুত সমগ্ৰ বৰভেটী অঞ্চলতে শোকৰ ছাঁ পৰিছে।

Also Read: নাৰায়ণপুৰত দুটা মানৱ সৰবৰাহকাৰী আটক...

borbheti