প্ৰাক্তন বিধায়ক-আইনজ্ঞ জগদীশ দাসৰ মৃত্যু

দাসৰ বিয়োগত নগাঁও জিলা কংগ্ৰেছ, নগাঁও উকীল সন্থা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বিধায়ক নুৰুল হুদা আদিৰ শোক প্ৰকাশ
প্ৰাক্তন বিধায়ক-আইনজ্ঞ জগদীশ দাসৰ মৃত্যু

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নিৱাসী,প্ৰাক্তন বিধায়ক, আইনজ্ঞ জগদীশ দাসৰ মঙলবাৰে পুৱা ১০-০০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩বছৰ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰবীণ ৰাজনীতিক, সমাজকৰ্মী, জ্যেষ্ঠ আইনজীৱী জগদীশ দাসৰ জন্ম হৈছিল ১৯৪০চনৰ পহিলা মাৰ্চত নগাঁও জিলাৰ ৰহাত। ৰহা এম ভি স্কুলত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি তেওঁ নগাঁও চৰকাৰী হাইস্কুলৰ পৰা ১৯৫৬চনথ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল।

ইয়াৰ পাছত ১৯৬২চনত নগাঁও কলেজৰ পৰা বি কম আৰু ১৯৬৮চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লয়। আইনৰ ডিগ্ৰী লোৱাৰ পাছত তেওঁ ১৯৬৮চনৰ‌ পৰাই নগাঁও আদালতত ওকালতিৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

তাৰ লগে লগে বিভিন্ন সামাজিক কাম কাজতো নিজকে জড়িত কৰে। ১৯৭০চনত তেওঁ হৰিজন সেৱক সংঘৰ নগাঁও জিলা শাখাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭২চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ অবিভক্ত নগাঁও জিলাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বুকনি (বৰ্তমান বিলুপ্ত)সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হয়।

অৱশ্যে পৰৱৰ্তী কালত তেওঁ ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজিত হৈছিল। তেওঁ বিধায়ক হৈ থকা সময়তে ১৯৭২চনত অনুসূচিত জাতি উপদেষ্টা পৰিষদৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈছিল। সেই সময়তে অসম অনুসূচিত জাতি উন্নয়ন নিগম,অসম অনুসূচিত জাতি মীন উন্নয়ন নিগম আদি গঠনত তেওঁ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল।

তেওঁ অনুসূচিত জাতিৰ লোকক ভূমি পট্টা দিয়া আৰু সম্প্ৰদায়টোৰ লোকৰ বাবে আদৰ্শ গাঁও স্থাপনতো পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৮০চনৰ পৰা তেওঁ ১০ বছৰ ধৰি ধৰ্মীয় -সামাজিক -সাংস্কৃতিক অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ কেইবা বছৰ ধৰি নগাঁও জিলা উন্নয়ন ব'ৰ্ডৰো সভাপতি আছিল। তাৰোপৰি সুদীৰ্ঘ ১৪বছৰ কাল তেওঁ অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিভিন্ন সময়ত নগাঁও জিলা কংগ্ৰেছৰ বিভিন্ন পদবীত আছিল।

ৰহা মহাবিদ্যালয়কে ধৰি বহু শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপেও এসময়ত কাৰ্যনিৰ্বাহ কৰা দাস শ্ৰীমন্ত শংকৰ মিশ্যনৰ লগতে আন কেতবোৰ সামাজিক অনুষ্ঠানৰ স'তেও জড়িত আছিল। নগাঁও আদালতত উকালতিৰ সোণালী জয়ন্তী অতিক্ৰম কৰা হেতুকে নগাঁও উকীল সন্থাৰ দ্বাৰাও তেওঁ সম্বৰ্ধিত হৈছিল।

প্ৰবীণ ৰাজনীতিক, সমাজকৰ্মী, আইনজ্ঞ জগদীশ দাসৰ বিয়োগত নগাঁও জিলা কংগ্ৰেছ, নগাঁও উকীল সন্থা, একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা সমিতি, অনুসূচিত জাতি পৰিষদ, শ্ৰীমন্ত শংকৰ মিশ্যন,ৰহা মহাবিদ্যালয়, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

দাসে পত্নীৰ বিয়োগৰ পাছত তেওঁ ফৌজদাৰীপট্টিৰ বাসগৃহত অকলশৰীয়াকৈ আছিল যদিও ওচৰৰ আত্মীয়ই চোৱা-চিতা কৰি আছিল। চহৰখনৰ সমীপৱৰ্তী মধুপুৰ ৰাজহুৱা শ্মশানত দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়।

প্ৰাক্তন বিধায়ক-আইনজ্ঞ জগদীশ দাসৰ মৃত্যু
টি জি বৰুৱা মিডিয়া টি-২০ ক্রিকেট : অসমীয়া প্রতিদিন ফাইনেলত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in