কপিলীৰ ধাৰাবাহিক বানৰ কৱলত কামপুৰ

পুনৰ জটিল ৰূপ লৈছে কপিলীয়ে

author-image
Asomiya Pratidin
New Update
কপিলীৰ ধাৰাবাহিক বানৰ কৱলত কামপুৰ

ডিজিটেল সংবাদ,কামপুৰ : আশ্ৰয় শিবিৰত পৰা টালি-টোপোলা লৈ ঘৰখনত প্ৰৱেশ কৰিছিল গৈহে মাত্ৰ। ঘৰৰ মজিয়াবোৰ শুকোৱাই নাছিল। কপিলীয়ে কালৰূপ ধাৰণ কৰি কামপুৰত আকৌ আনিলে বান।

Advertisment

গাওঁপ্ৰধানে মাইকযোগে সজাগ আৰু সচেতন হৈ থাকিবলৈ ঘোষণা কৰাৰ লগে লগে টালি-টোপোলা লৈ আকৌ ওখ ঠাইলৈ ঢাপলি মেলিলে গঞাই। নগাঁও জিলাৰ কামপুৰত এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে।

মাইকযোগে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণৰ আহ্বান প্ৰশাসনৰ। ভূতৰ ওপৰত দানৱ পৰাৰ লেখিয়াকৈ ধাৰাবাহিক বানৰ কৱলত পৰিছে মধ্য অসমৰ কামপুৰ। বানৰ বাবে অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ ।

কামপুৰত কপিলীৰ বানে ৰুদ্ৰৰূপ ধাৰণ কৰি এটা পষেকৰ পিছতে সৃষ্টি কৰা দ্বিতীয়টো বান পৰিস্থিতি মঙলবাৰে দিনৰ ভাগত সামান্য উন্নত হৈছিল যদিও কপিলীৰ বান্ধ খুলি দিয়াত বুধবাৰে পুনৰ অৱনতি ঘটিছে বান পৰিস্থিতিৰ ।

কালি চাংচকীৰ ৰাজপথৰ পানী যথেষ্ট পৰিমাণে কমিছিল যদিও আজি উন্মুক্ত মথাউৰিৰে পানী সোমাৱাত অধিক ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । কালি চাইবুক গাওঁ আৰু গাৰোখুন্দাৰ ৰাজপথৰ পানী সম্পূৰ্ণৰূপে পানী নাইকিয়া হৈছিল যদিও আজি বিয়লি পথটো পুনৰ জলমগ্ন হোৱাৰ সমান্তৰালকৈ চাংজুৰাই আৰু পটিয়াপামৰ ৰাজপথো জলমগ্ন হয় ।

তদুপৰি বহু বাসগৃহৰ পৰা পানী ওলাই গৈছিল যদিও আজি পুনৰ ঘৰবোৰ জলমগ্ন হৈ পৰিছে । প্ৰথমটো বান পৰিস্থিতি কিছু উন্নত হোৱাত হেপাঁহৰ ঘৰখনলৈ ঘূৰি যোৱা বহু বন্যাক্ৰান্তই পুনৰ ঘৰ এৰি বিদ্যালয় নাইবা আনৰ ওখ ঘৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে ।

ইফালে, প্ৰথমটো বানৰ পিছত বহু কৃষকে শালি ধানৰ কঠীয়া পাৰিছিল যদিও, সেয়া বৰ্তমান পলসে পুতি পেলোৱাত মূৰে কপালে হাত দিছে কৃষকে । উল্লেখ্য যে পুনৰ কপিলীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে কামপুৰ প্ৰশাসনে নৈপৰীয়া ৰাইজক সজাগ হ'বলৈ আৰু নিৰাপদ স্থানত আশ্ৰয় লবলৈ মাইকযোগে আহ্বান জনায় ।

ৰাজহ চক্ৰটোৰ চক্ৰ বিষয়া অনন্যা লহকৰৰ তৎপৰতাত বন্যাক্ৰান্তক খাদ্য সামগ্ৰী যোগান ধৰা পৰিলক্ষিত হৈছে । নগাঁও জিলাৰ ৫০ৰো অধিক গাঁৱৰ বানত আক্ৰান্ত হৈ পৰাৰ ফলত পাঠদান বন্ধ কৰিবলৈ বাধ্য হৈছে জিলা প্ৰশাসন। বৃহস্পতিবাৰলৈ এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভৱনাই দেখা দিছে।

Also Read: 'ধুলা কাণ্ড'ৰে জড়িত আৰক্ষী বিষয়া উৎপল বৰাক বৰ্খাস্ত...

river FLOOD ASSAM kampur kapili