/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b8c4796a-5b07-415b-acef-c2966dbe8973/c0439055_ce03_423d_b59f_137ffe141624.jpg)
ডিজিটেল ডেস্ক : ধুলাত সংঘটিত বনকৰা আদিবাসী কিশোৰীৰ হত্যাকাণ্ডৰ ঘটনাক উপঢৌকন লৈ ঘটনা গাপ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়া উৎপল বৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীৰ বৰ্খাস্ত সন্দৰ্ভত বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে।
এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এইদৰে কয়- অভিযুক্ত বিষয়াৰ দ্বাৰা সংঘটিত ঘোৰ অপৰাধ সন্দৰ্ভত সাক্ষী আৰু তথ্যৰ ভিত্তিত আমি এই সিদ্ধান্তত উপনীত হৈছো। ইয়াৰোপৰে ঘটনাৰ সকলো তথ্য বিবেচনা কৰি, অভিযুক্ত বিষয়া এছ.আই. উৎপল বৰাক অসম আৰক্ষীৰ সকলো নিয়মিত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক আছিল উৎপল বৰা। এইগৰাকী বিষয়াই ধুলাৰ আদিবাসী কিশোৰী হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ বাবে ঘোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
এই অভিযোগৰ ভিত্তিতেই উচ্চ পৰ্যায়ৰ তদন্ত কৰিছিল অসম আৰক্ষীয়ে। আনহাতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এই ঘটনাৰ বিচাৰ ক্ষীপ্ৰতাৰে কৰাৰ বাবে উঠি-পৰি লাগিছিল অসম আৰক্ষী।
ৰাজ্য কপাই যোৱা দৰঙৰ ধুলাৰ এই কাণ্ডৰ বাবে চি আই ডিৰ দ্বাৰা দাখিল কৰা হৈছিল চাৰ্জশ্বিট। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত সমগ্ৰ বিষয়টো চি আই ডিলৈ হস্তান্তৰ কৰা হৈছিল।
A Departmental Proceeding No. 01/2023 of Darrang DEF was initiated against
SI(UB) Utpal Bora, the then SI(UB) of Darrang DEF for acts done during posting at Dhula Police Station of Darrang DEF. On the basis of the -
1.Available evidentiary records &
2.Statements of prosecution…— GP Singh (@gpsinghips) June 19, 2024
উল্লেখ্য যে, বনকৰা কিশোৰীগৰাকীৰ হত্যাৰ ঘটনা গাপ দিবলৈ সেই সময়ৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ লগতে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই ৫ লাখ টকা হত্যাকাৰীৰ পৰা সংগ্ৰহ কৰিছিল। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই তেওঁৰ লগতে সেই সময়ৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তই ২০২২ ৰ জুনৰ পৰা জুলাইৰ ভিতৰত ৫ লাখ টকা তিনিটা কিস্তিত সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছিল।