/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/162d1c7c-c329-4142-82b8-541cf61cb3c3/330.jpg)
ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কামপুৰ অঞ্চলত অৱ্যাহত আছে বানৰ সংহাৰী ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত বৃহত্তৰ কামপুৰৰ কেতবোৰ অঞ্চল প্লাৱিত হৈছে।
উল্লেখযোগ্য যে কামপুৰ-যমুনামুখ পথৰে পানী বৈ যোৱাৰ ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে। ইয়াৰোপি কামপুৰৰ বাৰেগোগা অঞ্চলতো মাথাউৰিৰ ওপৰেৰে পানী বৈ যোৱা বুলি জানিব পৰা গৈছে।
ফেনে ফোটোকাৰে পানী বঢ়াৰ বাবে কামপুৰ ৰাজহ চক্ৰৰ প্ৰায় সমূহ গাঁও এতিয়া বানৰ কবলত। আনহাতে বকুলগুৰি-পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ ওপৰতো পানী হোৱা বাবে যাতায়ত ব্যাহত হোৱাৰ লগতে বন্যাৰ্তৰ মাজত হাহাকাৰ লাগিছে।
কামপুৰৰ তেঁতেলীসৰা আদি অঞ্চলত বাঢ়নী পানীৰ বাবে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে।
Also Read: অভাৱে জুৰুলা কৰা এইগৰাকী ক্ৰিকেটাৰে প্ৰতিনিধিত্ব কৰিব দেশক !