কামপুৰৰ বগলাজান পঞ্চায়তত বানৰ সংহাৰ

কামপুৰৰ বগলাজান পঞ্চায়তত বানৰ সংহাৰ

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বগলাজান পঞ্চায়তত বানৰ সংহাৰ

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত কপিলীৰ বানে সংহাৰী ৰূপ লৈছে। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কামপুৰ,জৰাবাৰী,গৰুবাট মৌজাৰ বহুকেইখন গাঁও বানত বুৰ গৈছে।

জৰাবাৰী মৌজাৰ অন্তুৰ্গত বগলাজান পঞ্চায়তত বানে ব্যাপক ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে। পঞ্চায়তখনৰ কাকতিগাঁৱৰ এটা মাথাউৰীলৈ শংকা নামি অহাত ৰাইজে নিজা পকেটৰ ধন খৰচ কৰি দিনে -নিশাই মেৰামতিৰ কামত লাগিছে।

উল্লেখ্য যে বগলাজান পঞ্চায়তৰ ২ নং ৱাৰ্ডত থকা এই মাথাউৰিটো নিৰ্মাণৰ বাবে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৰাইজে মাথাউৰীটো নিৰ্মানৰ বাবে স্থানীয় ৰাইজক আশ্বাস দিছিল। কিন্তু আজিকোপতি নিৰ্মান অথবা মেৰামতি নোহোৱা বুলি জনা গৈছে।

আনফালে স্থানীয় বগলাজান পঞ্চায়তেও এম জি এন ৰেগা আচঁনিত মাথাউৰিটো নিৰ্মানৰ কাম হাতত লৈছিল যদিও কামটোত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। বছৰৰ প্ৰথমটো বানত পৰি মাথাউৰীটো শংকা নামি অহাৰ বাবে ৰাইজে নিজাকৈ ধন সংগ্ৰহ কৰি মেৰামতিৰ কামত লাগিছে।

ইফালে বগলাজান পঞ্চায়তৰেই বাৰেগোগা মাথাউৰীলৈও শংকা নামি আহিছে। পঞ্চায়তখনৰ পশ্চিম গুইমাৰীৰ একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটো পানীৰ তল যোৱাত ৰাইজৰ মাজত ব্যাপক সমস্যাই দেখা দিছে। কুউৰীআটিত ছয়টাকৈ পৰিয়ালে ৰহা -কামপুৰ পথত আশ্ৰয় লৈ আছে ।

Also Read: ঢাৰিকাটি পালেং গাঁৱত বন্যহস্তীৰ তাণ্ডৱ

flood kampur