ঢাৰিকাটি পালেং গাঁৱত বন্যহস্তীৰ তাণ্ডৱ

ঢাৰিকাটি পালেং গাঁৱত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ ঢাৰিকাটি পালেঙ গাঁৱত বন্যহস্তীয়ে চলাইছে তাণ্ডৱ ৷ বৃহস্পতিবাৰে পুৱতি নিশা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হতীয়ে গাঁৱখনত প্ৰৱেশ কৰি দেওকণ ঙাটে নামৰ লোকজনৰ ভঁড়াল ঘৰ ভাঙি ধানসমূহ খাই তহিলং কৰাৰ লগতে গাঁৱখনৰ ৰাজহুৱা নামঘৰটোৰ পকীবেৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ৷

ৰাইজৰ অভিযোগ মতে বহুদিন ধৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ঢাৰিকাটি অঞ্চলত প্ৰৱেশ কৰি বহুলোকক হত্যা কৰাৰ লগতে খেতিপথাৰ নষ্ট কৰি আহিছে ৷ এই সন্দৰ্ভত বনবিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ কৰা পিছতো বনবিভাগৰ লোকসকলে বনৰীয়া হাতী প্ৰতিৰোধ কোনো ব্যৱস্থা কৰা নাই ৷

সম্প্ৰতি ৰাইজে বনবিভাগক শীঘ্ৰে বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে স্থানীয় বিধায়কগৰাকীক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিবলৈ আহ্ৱান জনাইছে ৷

ঢাৰিকাটি পালেং গাঁৱত বন্যহস্তীৰ তাণ্ডৱ
গ্ৰীচৰ এথেন্সত প্ৰদৰ্শিত অনন্যা ভূঞাৰ 'মুখা শিল্প, দ্যা মাস্ক মেকিং ট্ৰেডিচন অফ মাজুলী'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in