ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ নগাঁৱত বান প্ৰস্তুতিৰ বিষয়ে বৈঠক

২০২৩ বৰ্ষৰ বাবে জিলাখনৰ বান প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে নগাঁওৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত এখন সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ নগাঁৱত বান প্ৰস্তুতিৰ বিষয়ে বৈঠক

ডিজিটেল সংবাদ ,নগাঁও:- ২০২৩ বৰ্ষৰ বাবে জিলাখনৰ বান প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে নগাঁওৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত এখন সভা অনুষ্ঠিত হয়। নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলাখনৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ।

Advertisment

জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকখনত ভৱিষ্যতে বানপানীৰ ফলত হ'ব পৰা ক্ষতি হ্ৰাস কৰাৰ বাবে ইতিমধ্যে হাতত লোৱা তথা প্ৰয়োজন হ'ব পৰা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত বান সাহাৰ্য্য শিবিৰৰ উপলব্ধতা, সাহাৰ্য্য শিবিৰত খোৱা পানী, শৌচালয়ৰ উপলব্ধতা, বিদ্যুৎ সংযোগ আদি বিষয়ৰ আলোচনা কৰা হয়।

স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক প্ৰয়োজনীয় ঔষধৰ সৈতে সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় । অন্যান্য প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা যেনে, লাইফ জেকেট, ৰবৰৰ নাও, প্ৰশিক্ষিত স্বেচ্ছাসেৱকসকলৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। উপায়ুক্ত গৰাকীয়ে বানপানীৰ সময়ত বিতৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য্য খাদ্য সামগ্ৰী উপলব্ধ ৰখাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে বৈঠকত পশুখাদ্য আৰু টিকাকৰণৰ বিষয়েও আলোচনা কৰা হয়।

বৈঠকত আন বহুতো সম্পৰ্কিত বিষয়ৰ লগতে বানপানীৰ সময়ত গৰ্ভৱতী মহিলা, স্তন্যপান কৰাই থকা মাতৃ আৰু নৱজাতক শিশুসকলৰ সমস্যা দূৰ কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত সকলোকে বানপানীৰ সময়ত সক্ৰিয় হৈ থকাৰ লগতে বানপানীৰ পাছত বানপীড়িত সকলৰ পুনঃ সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান সংশ্লিষ্ট বিভাগৰ মুৰব্বী সকলক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

বৈঠকত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি প্ৰবিত্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা, ডিডিএমএৰ ডি পি অ’ বিজয়ন্ত গোস্বামীৰ লগতে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকল উপস্থিত থাকে।

Also Read: 'নাক'ৰ পৰিদৰ্শনৰ পিছতেই সুখ্যাতি অৰ্জন গোলাঘাটৰ দুখন মহাবিদ্যালয়ৰ...

flood