'নাক'ৰ পৰিদৰ্শনৰ পিছতেই সুখ্যাতি অৰ্জন গোলাঘাটৰ দুখন মহাবিদ্যালয়ৰ...

বিশ্ব বিদ্যালয় অনুদান আয়োগৰ অধীনস্থ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক " ৰ পৰিদৰ্শনৰ পিছতেই সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় গোলাঘাটৰ দুখনকৈ মহাবিদ্যালয়।

author-image
Asomiya Pratidin
New Update
'নাক'ৰ  পৰিদৰ্শনৰ পিছতেই সুখ্যাতি অৰ্জন গোলাঘাটৰ দুখন মহাবিদ্যালয়ৰ...

ডিজিটেল ডেস্ক:  বিশ্ব বিদ্যালয় অনুদান আয়োগৰ অধীনস্থ ৰাষ্ট্ৰীয়  মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক " ৰ  পৰিদৰ্শনৰ পিছতেই সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় গোলাঘাটৰ দুখনকৈ মহাবিদ্যালয়। গোলাঘাট জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়  আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে নাকৰ মূল্যায়নত সুখ্যাতি অৰ্জন কৰি জিলা খনলৈ সুনাম কঢ়িয়াই আনে।

Advertisment

ইয়াৰ পাছতেই মহাবিদ্যালয়কেইখনক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়। বুধবাৰে মহাবিদ্যালয় কেইখনত উপস্থিত হৈ অভিনন্দন জনাই অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ গোলাঘাট মণ্ডলে।

এই সময়চোৱাত অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সাধাৰণ সম্পাদক ড.জ্ঞানদীপ শইকীয়া আৰু প্ৰাক্তন সভাপতি  শ্ৰীমন্ত মাধৱ বৰাৰ উপস্থিত থাকি মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে।

তেওঁলোকে মূল্যায়ণৰ সম্পৰ্কত কিদৰে দলীয় সংহতিয়ে সহায় কৰে সেই বিষয়ে বক্তব্য আগবঢ়ায়। লগতে  অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাক  ধন্যবাদ জ্ঞাপন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই।

Also Read: কৰ্মৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত এন আৰ এল! কৰ্মবিৰতি পালন

naac