পুৰি চাৰখাৰ হ'ল কোটি কোটি টকাৰ কাঠ

বটদ্ৰৱা সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ৰ সন্মুখত থকা হেজাৰ হেজাৰ মূল্যবান কাঠৰ টুকুৰা পুৰি চাৰখাৰ হ'ল।

author-image
Asomiya Pratidin
New Update
পুৰি চাৰখাৰ হ'ল কোটি কোটি টকাৰ কাঠ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ৰ সন্মুখত থকা হেজাৰ হেজাৰ মূল্যবান কাঠৰ টুকুৰা পুৰি চাৰখাৰ হ'ল। বন বিভাগে গোটাই থোৱা বহু মূল্যৱান কাঠৰ টুকুৰাত নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহৰ সৃষ্টি হৈছে।

Advertisment

উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত বটদ্ৰৱা থানখনৰ উন্নয়নৰ নিমিত্তে যাতায়ত সুচল কৰি তুলিবলৈ চৰকাৰৰ অসম মালা আঁচনিৰ অধীনত প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানি পথটো। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ সময়তে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল। জিলাখনৰ আতাইতকৈ ব্যস্ত পথটো বহল কৰাৰ স্বাৰ্থত দুয়োপাৰে থকা হেজাৰ হেজাৰ মূল্যবান গছ বিগত দুটা বছৰ ধৰি কাটি থকা হৈছে বন বিভাগৰ উদ্যোগত।

এই কাঠৰ টুকুৰাসমূহ বটদ্ৰৱা সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ৰ সন্মুখত কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা তথা সংৰক্ষণ নকৰাকৈ পেলাই থোৱা আছিল দুটা বছৰ ধৰি। বন বিভাগ আৰু বটদ্ৰৱা সমবায় সমিতিৰ হেমাহি, অমনোযোগিতা, দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই বুধবাৰে নিশা কোটি কোটি টকাৰ ৰাজহুৱা সম্পত্তি ধ্বংস হয়।

বটদ্ৰৱা সমবায় সমিতিৰ দুৰ্নীতিৰ বাতৰি আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে প্ৰকৃতি প্ৰেমী দল সংগঠনৰ আন্দোলনৰ মাজতে নিশা দুস্কৃতিকাৰীৰ দ্বাৰা হেজাৰ হেজাৰ কাঠৰ কুণ্ডা জ্বলাই দিয়াৰ ঘটনাই ৰহস্য সৃষ্টি কৰিছে।

Also Read: পাঠশালাত চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এজন

batadrava assam forest department amit shah