ROAD ACCIDENT
ROAD ACCIDENT

পাঠশালাত চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এজন

ডিজিটেল ডেস্কঃ বজালীৰ পাঠশালাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন । দুজনৰ অৱস্থা অতি সংকটজনক । মৃত লোক জন এইপৰ্যন্ত চিনাক্ত হোৱা নাই ।

হাউলী ৰোডত এ এচ০১বি-জে৩০৩৫ নাম্বাৰৰ এখন চাৰিচকীয়া বাহনে এজন লোকক খুন্দিয়াই পিছত বৈদ্যুতিক খুটাত খুন্দা মাৰে । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত চালকৰ ছিটত আছিল কিশোৰ ৰয় নামৰ এজন স্থানীয় যুৱক । স্থানীয় ৰাইজৰ মতে পূৰ্বেও দুৰ্ঘটনা সংঘটিত কৰা অভিযোগ আছে চালকজনৰ বিৰুদ্ধে।

ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈছে। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ ইনঞ্চুৰেঞ্চ ২০২২ চনতে উকলিলে। ইয়াৰোপৰি গাড়ী খনৰ নিয়ম উলংঘাৰ নামত ১৭হাজাৰ টকাৰ চালান বাকী আছে।

ROAD ACCIDENT
ৰাজ্য কঁপোৱা চিলাপথাৰ কাণ্ডৰ ৭ টা বছৰ সম্পূৰ্ণ: চিলাপথাৰত আছুৰ সংকল্প দিৱস
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in