Advertisment

বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱত অগ্নিকাণ্ডৰ

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত পুৱতি নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত পুৱতি নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত ভোমোৰাগুৰি গাঁৱৰ ৰাজীৱ নাথ নামৰ লোকৰ এখন চেলুন আৰু নীল বৰদলৈ নামৰ এজন ব্যক্তিৰ গোহালি ভস্মীভূত হয়।

Advertisment

অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত গোহালিৰ গোধন কেইটা ৰক্ষা পৰে। অগ্নিকাণ্ডৰ ফলত চেলুন খনত থকা নগদ টকাৰ লগতে সা-সমগ্ৰী ভস্মীভূত হয়। পাছত বটদ্ৰৱাৰ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়।

Also Read: তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন সংযোজনঃ এচেণ্ডিং এ চি এছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল

nagaon batadrava fire case