তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন সংযোজনঃ এচেণ্ডিং এ চি এছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল

তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন সংযোজনঃ এচেণ্ডিং এ চি এছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল

ডিজিটেল সংবাদ, তিতিবৰঃ তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনত নতুনকৈ সংযোগ হ'ল এচেণ্ডিং এ চি এছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল নামৰ ছেকেণ্ডেৰী পৰ্যায়ৰ এখন শিক্ষানুষ্ঠান।

তিতাবৰৰ মিলন নগৰত আৰম্ভ কৰা এই শিক্ষানুষ্ঠানখনৰ শুভাৰম্ভ অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰে বৰহোলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন দত্তই। বন্তি প্ৰজ্বলনত সহযোগিতা আগবঢ়ায় এচেণ্ডিং এ চি এছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি মুকুল বৰা আৰু সম্পাদক দেৱাশীষ কলিতাই।

ইয়াৰ পিছতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন দত্তৰ সভাপতিত্বত আৰু শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সদস্য বিতোপন বৰা, প্ৰিঞ্চি বৰাই উদ্দেশ্য ব্যাখ্যাৰে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ হাজৰিকা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° মন্টুমণি দত্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সুৰেশ ৰাজখোৱা, বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতা, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জোনালী শইকীয়া আদি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

সভাত তিতাবৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো গণ্যমান্য ব্যক্তি অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন সংযোজনঃ এচেণ্ডিং এ চি এছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল
বোকাখাতৰ কুৰুৱাবাহীত গৰু চোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in