বঢ়মপুৰত অগ্নিকাণ্ডঃ ফটকাৰ পৰা অগ্নি সংযোগৰ সন্দেহ...

বঢ়মপুৰত অগ্নিকাণ্ডঃ ফটকাৰ পৰা অগ্নি সংযোগৰ সন্দেহ...

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত অগ্নিকাণ্ডঃ ফটকাৰ পৰা অগ্নি সংযোগৰ সন্দেহ...

বঢ়মপুৰত অগ্নিকাণ্ডঃ ফটকাৰ পৰা অগ্নি সংযোগৰ সন্দেহ...

ডিজিটেল সংবাদ চামগুৰিঃ দিপাৱলী আগমণৰ আনন্দ উল্লাসৰ মাজতে বঢ়মপুৰত সংঘটিত হয় এক অগ্নিকাণ্ড। বঢ়মপুৰৰ বৰটোপ গাঁৱৰ মণ্টু কলিতাৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

উল্লেখ্য যে, সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডত লোকজনৰ ৰান্ধনীঘৰ ভস্মিভূত হয়। সেই সময়ত বাসগৃহৰ গৰাকীৰ পত্নী ঘৰতে শুই আছিল। সেই সময়তে কিছু শব্দ শুনি বাহৰলৈ আহি অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে।

ইয়াৰ পাছত তেওঁ হুলস্থুল কৰাত স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰা হয়। গৃহিনীগৰাকীয়ে এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিলেও অৱশ্যে ফটকাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বিষয়টোক নস্যাত কৰিছে।

আনহাতে ঘৰখনৰ আন এগৰাকী সদস্যই এই অগ্নিকাণ্ডৰ কাৰণ ফটকা বুলিয়েই ক'ব বিচাৰিছে।

Also Read: বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মহিলা আটকঃ জব্দ নগদ ধন, তিনিখনকৈ বাহন...

অগ্নিকাণ্ড বঢ়মপুৰত