বটদ্ৰৱাৰ আনন্দ কলিতাৰ বিয়োগ

নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী আনন্দ কলিতাৰ মঙলবাৰে বিয়লি ৩.৩০ বজাত নিজ বাসগৃহত বিয়োগ হয়

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ আনন্দ কলিতাৰ বিয়োগ

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী আনন্দ কলিতাৰ মঙলবাৰে বিয়লি ৩.৩০ বজাত নিজ বাসগৃহত বিয়োগ হয়। ৭৫ বছৰীয়া কলিতা আজি বিয়লি অকস্মাৎ শ্বাস প্ৰশ্বাস জনিত ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ লগে লগে মৃত্যুক আঁকোৱালি লয়।

Advertisment

জলসিঞ্চনৰ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সৰবৰহী, শান্ত প্ৰকৃতিৰ ব্যক্তিজনৰ আকস্মিক বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে আৰু বিভিন্নজনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত কলিতাই পত্নী, দুগৰাকী জীয়ৰী, জোঁৱাই, নাতি নাতিনী, ভাতৃসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

আৰু পঢ়কঃ ভাৰত-বাংলাদেশ সীমান্তৰ ৰাইজৰ কাষত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী

irrigation department