এপেক্স বেংক শিলঘাট শাখাৰ বিত্তীয় সজাগতা সভাঃ কৃষি বিষয়াক স্পষ্টীকৰণ বিচাৰিলে ক্ষুব্ধ খেতিয়কে

এপেক্স বেংক শিলঘাট শাখাৰ বিত্তীয় সজাগতা সভাঃ কৃষি বিষয়াক স্পষ্টীকৰণ বিচাৰিলে ক্ষুব্ধ খেতিয়কে
এপেক্স বেংক শিলঘাট শাখাৰ বিত্তীয় সজাগতা সভাঃ কৃষি বিষয়াক স্পষ্টীকৰণ বিচাৰিলে ক্ষুব্ধ খেতিয়কে

ডিজিটেল সংবাদ কলিয়াবৰঃ অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ শিলঘাট শাখাৰ উদ্যোগত আৰু নাৱাৰ্ডৰ সহযোগত মঙ্গলবাৰে শিলঘাটস্থিত কন্যাকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়ত এখনি বিত্তীয় সজাগতা সভা অনুষ্ঠিত হয় ৷ মূলত কৃষি ঋন সম্পৰ্কত জেষ্ঠ নাগৰিক তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ সলিল কুমাৰ মিত্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাবাৰ্ডৰ নগাঁও জিলাৰ এল ডি এম খুৰচিদ আলম আৰু ডি ডি এম ৰাজেন্দ্ৰ প্ৰেৰেনাই উপভোক্তা ৰাইজক উদ্দেশ্যি ঋন সজাগতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷

ভাষণ প্ৰসংগত নাবাৰ্ডৰ বিষয়াদ্বয়ে কৃষি ঋনৰ সঠিক ব্যৱহাৰ, কৃষক ৰাইজলৈ আগবঢ়োৱা চৰকাৰী বিভিন্ন আঁচনি সন্দৰ্ভত, বেংক আৰু কৃষি বিভাগৰ লগত যোগাযোগৰ সঠিক মাধ্যম সম্পৰ্কত বিস্তিত বাখ্যা আগবঢ়াই ৷ এপেক্স বেংকৰ শিলঘাট শাখাৰ পৰিচালক নিৰঞ্জন দাসে আঁত ধৰা সভাখনত কেইবাগৰাকীও কৃষকে বিত্তীয় প্ৰতিষ্ঠানটোৰ লগতে নাবাৰ্ডৰ বিষয়বৱীয়াৰ এই পদক্ষেপক শলাগ লয়।

প্ৰায় শতাধিক কৃষক ৰাইজ উপস্থিত থকা সভাখনত কলিয়াবৰ মহকুমাৰ কৃষি বিভাগৰ কেইৱাগৰাকীও বিষয়া উপস্থিত থাকে। কৃষি বিভাগৰ বিষয়া কেইগৰাকীয়ে কৃষক ৰাইজলৈ চৰকাৰে আগবঢ়োৱা বিভিন্ন সুবিধা সন্দৰ্ভত বক্তব্য আগবঢ়াই ৷

সেই সময়তে কেইবাগৰাকীও ক্ষুব্ধ কৃষকে চৰকাৰী উক্ত সাহাৰ্যৰ পৰা প্ৰকৃত কৃষকসকল বঞ্চিত হোৱাৰ অভিযোগ তুলি এই সুবিধাসমূহ মধ্যভোগীৰ আগ্ৰাসনত বিলীন হোৱা বুলি কয়। কৃষকসকলে বিভাগীয় কৃষি বিষয়া কেইগৰাকীৰ পৰা এই বিষয় সন্দৰ্ভত স্পষ্টীকৰণ বিচৰাৰ লগতে অভিযোগ কৰি কয়- চৰকাৰে আগঢ়োৱা আলু আৰু সৰিয়হৰ বীজৰ পৰা বৃহত্তৰ অঞ্চলটোৰ প্ৰকৃত কৃষকসকল বঞ্চিত হোৱাৰ বিপৰীতে এই সুবিধাসমূহ খেতিৰ মাটি নথকা সম্ভ্ৰান্ত ঘৰৰ মানুহে লাভ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ক্ষুব্ধ কৃষকসকলে উত্থাপিত অভিযোগৰ সত্যতা আছে বুলি কৃষি বিষয়াসকলে স্বীকাৰ কৰি এইক্ষেত্ৰত পৰবৰ্তী সময়ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

এপেক্স বেংক শিলঘাট শাখাৰ বিত্তীয় সজাগতা সভাঃ কৃষি বিষয়াক স্পষ্টীকৰণ বিচাৰিলে ক্ষুব্ধ খেতিয়কে
গোৱাত ‘ভাৰত শক্তি সপ্তাহ-২০২৪’ আৰম্ভঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in