/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0c847c8b-6084-45f7-8339-d15c407e750d/hatra.jpg)
সত্ৰসমূহৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন
ডিজিটেল সংবাদ, নগাঁওঃ অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে নগাঁও আৰু মৰিগাঁও জিলাত থকা সত্ৰসমূহৰ বুজ লোৱাৰ উদ্দেশ্যে নগাঁৱৰ বটদ্ৰৱা সত্ৰত উপস্থিত হয় ।
আয়োগৰ অধ্যক্ষ তথা সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা, আয়োগৰ পৰামৰ্শদাতাদ্বয় ক্ৰমে মাধৱ প্ৰসাদ শৰ্মা আৰু অতুল কুমাৰ দাসে অসম জাতীয় মহাসভাৰ উদ্যোগত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত শুক্ৰবাৰে অংশগ্ৰহণ কৰে ।
উক্ত অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাক ভকত-বান্ধৱ কল্যাণ নৰতনু অনুপাম অমৃত বঁটা, প্ৰদীপ হাজৰিকাক সত্ৰ বন্ধু বঁটা আৰু বাণীকান্ত কাকতি ভাষা বিকাশ বঁটা ড° সাৱড়মল সাংগানেৰীয়াক প্ৰদান কৰা হয় ।
লগতে আয়োগৰ পৰামৰ্শদাতাদ্বয় ক্ৰমে মাধৱ প্ৰসাদ শৰ্মা আৰু অতুল কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয় ।
অসম জাতীয় মহাসভাৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত থাকি অসম চৰকাৰৰ সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ সমিতিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সংকটপূৰ্ণ অৱস্থাত থকা সত্ৰ সমূহৰ অৱক্ষয় বৰ্নণা দি, ৰোগ হোৱাৰ আগতে প্ৰতিৰোধ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2466eea3-acef-472d-a4d5-a8b9a1834dfb/755fd6b1_2d2f_4de7_8c76_1df1fb62ef16.jpg)
ইয়াৰ পাছতে আয়োগৰ প্ৰতিনিধি দলে শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙী সত্ৰত উপস্থিত হৈ সত্ৰখন পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকসকল, সত্ৰ পৰিচালনা কৰা পৰিয়াল আৰু স্থানীয় গাওঁপ্ৰধান গৰাকীৰ লগত মত বিনিময় কৰে ।
আয়োগৰ প্ৰতিনিধি দলটিয়ে ওপৰ ডুমডুমীয়া সত্ৰৰ বংশীবদন বংশীগোপাল থানত উপস্থিত হৈ সত্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ লগত মিলিত হৈ সত্ৰখনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহৰ বুজ লয় ।
মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ত প্ৰতিনিধি দলটিয়ে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা শংকৰী সংস্কৃতিৰ গৱেষক অংশুমান দাসৰ লগত এক বৈঠকত মিলিত হয় আৰু শ্ৰী শ্ৰী অলিপুখুৰী(পাটেকীবাড়ী) সত্ৰত উপস্থিত হৈ সত্ৰখন পৰিদৰ্শন কৰি সত্ৰ পৰিচালনা সমিতিৰ লগত মতবিনিময় কৰে ।
এই সত্ৰসমূহ পৰিদৰ্শন কালত অধ্যক্ষ গৰাকীৰ লগত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী, মৰিগাঁও জিলাৰ ভূৰাগাওঁ ৰাজহ চক্ৰ বিষয়া প্রিয়ংকা বনিয়া, মৰিগাঁও ৰাজহ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস, নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈৰ লগতে অনুপ কলিতা আৰু ৰানা কোঁৱৰকে প্ৰমুখ্য কৰি দুয়োখন জিলাৰে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।