/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9494a2e7-1314-4bb3-809f-614895d9a0f4/sankardev.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি উৎসৱত শুকুৰবাৰে দ্বিতীয় দিনা পুৱাৰে পৰা ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অতিথি সকলৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা ৯.৩০ বজাত প্ৰগতিৰ যাত্ৰা শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।
শুভাযাত্ৰাৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যাপিকা শ্বামিমা চুলতানা খন্দকাৰে। ১১ বজাত প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনাৰে "ডিজিটেল কুইজ প্ৰতিযোগিতা" অনুষ্ঠিত হয়। অধ্যাপক ভাস্কৰজ্যোতি বৰা আৰু কৰ্মচাৰী আবু বক্কৰ চিদ্দিকৰ সহযোগত অনুষ্ঠিত আৰ্কষনীয় কুইজ প্ৰতিযোগিতাখনৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত গীত, নৃত্য, নাটকৰ সমাহাৰেৰে সাংস্কৃতিক বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়।
ইফালে কালি নৱাগত আদৰণি সভাৰ কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই আৰু স্বহীদ তৰ্পন কৰে অধ্যাপিকা হেময়ন্তী ডেকাই। পাছত অধ্যাপিকা নাচৰিন আহমেদৰ পৰিচালনাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, সৌন্দৰ্য্য প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতাৰ পাছত মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী সকলৰ প্ৰীতি সন্মিলন অনুষ্ঠিত হয়।
১ বজাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "অংকুৰ" উন্মোচন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। বিয়লি ২ বজাৰ পৰা নৱাগত আদৰণি মুকলি সভা অনুষ্ঠিত হয়।
Also Read: অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..