অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..

অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..

author-image
Asomiya Pratidin
New Update
অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..

ডিজিটেল ডেস্কঃ দেশৰ অমৃত কালত প্ৰসূতিয়ে ই ৰিক্সাত জন্ম দিবলগীয়া হৈছে সন্তান। বৰপেটাৰ আলোপতি খাটিয়ামাৰীত সংঘটিত হৈছে এই ঘটনা।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি বৃহস্পতিবাৰে আবেলি মহিলা গৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত পৰিয়ালৰ লোকে এম্বুলেঞ্চক খবৰ দিয়ে। কিন্তু বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে মহিলা গৰাকীৰ ঘৰলৈ যাব নোৱাৰে এম্বুলেঞ্চখন। ফলত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে ই ৰিক্সাৰেই মহিলাগৰাকীক আলোপতি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, চিকিৎসালয়লৈ গৈ থকা অৱস্থাতেই মহিলাগৰাকীয়ে ই ৰিক্সাতেই প্ৰসৱ কৰে সন্তান। যাৰ ফলত মহিলা গৰাকীৰ অতিপাত ৰক্তক্ষৰণ হোৱাৰ লগতে শিশুটিয়ে মূৰত আঘাত পায়। চিকিৎসকে শিশু আৰু মাতৃক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ নিৰ্দেশ দিয়ে যদিও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত থকা একমাত্ৰ এম্বুলেঞ্চখনো বিকল হৈ পৰাত পুনৰ ই ৰিক্সাৰেই নগৰবেৰালৈ নিব লগা হয় নৱজাতক আৰু মাতৃগৰাকীক।

শীঘ্ৰেই আলোপতি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতিৰিক্ত এম্বুলেঞ্চ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ বাট-পথ সমূহ উন্নত কৰাৰো দাবী কৰিছে স্থানীয় ৰাইজে।

Also Read: চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাক যৌন অতিশয্যাৰ অভিযোগ

health and family welfare