/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/14e7a966-918a-43b1-92be-f8db549edce2/ffff.jpg)
ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাৰ মাজপোটনীত দেওবাৰে এখন ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ মাজপোটনী অঞ্চলৰ ৰাইজৰ সহযোগত আৰু ৭৫ নং মাজপোটনে বুথ সমিতিৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা সভাখনি সভাপতিত্ব কৰে ৰমাকান্ত বৰাই ৷ সভাখনিত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু সমাজসেৱক পদ্ম বৰুৱা ৷
স্থানীয় ৰাজহুৱা নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰকাশ মহন্তই মাজপোটনী অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোকপাত কৰি বিধায়ক ৰূপক শৰ্মাক অবগত কৰি সমাধান কৰিবলৈ আহ্বান জনায় ৷ ইফালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই অসম দৰ্শন আচঁনিৰ অধীনত মাজপোটনী নামঘৰ মাজপোটনী বিচন গাঁও নামঘৰ পোটনী পৰীয়া বৰমেধী নামঘৰক পৰ্যায়ক্ৰমে অসম দৰ্শন আচঁনিৰে সামৰি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ প্ৰথম পৰ্যায়ত মাজপোটনী নামঘৰক অসম দৰ্পন আচিৰে সামৰি লোৱাৰ কথা ঘোষনা কৰি মাজপোটনী গাঁৱৰ পৰা ভোটাইগাঁৱলৈ যোৱা পথটো পুনৰ নিৰ্মান কৰিব বুলি কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b257cb5f-f619-4732-a3a4-195a54a99ce0/0ba5aff5_ffa2_4136_9bbd_2a2ce50309c9.jpg)
মাজপোটনী গাঁৱৰ হৰেন বৰা আৰু নমিতা বৰাৰ পুত্ৰ চন্দন বৰাই ২০২২হায়াৰচেকেণ্ডাৰী পৰীক্ষাত নবম স্থান লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছিল ৷ মেধাবী ছাত্ৰ চন্দন বৰাক ভাৰতীয় প্ৰশাসনীক সেৱাৰ পৰীক্ষা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ক্ৰচিঙৰ বিনামূলীয়াকৈ কৰি দিয়াৰ প্ৰতিশ্ৰতি প্ৰদান কৰে বিধায়ক শৰ্মাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d2522991-7877-4d10-bd5d-926993a55499/4315f125_1145_402c_8ca0_50f7df5929cf.jpg)
মাজপোটনী সোনাৰী গাঁৱৰ গংগোট্ৰী হাজৰিকাৰ পৰিয়ালক আৰ্থিক ভাৱে সহায় কৰা কৰা কথা কয় বিধায়ক শৰ্মা ৷ ৰঞ্জন হাজৰিকা আৰু লিপিকা হাজৰিকাৰ একমাত্ৰ কন্যা গংগোট্ৰী হাজৰিকাই পিতৃৰ শাৰিৰীক অসুস্থতাৰ হেতু টমটম চলাই পৰিয়াল পোহপাল দি আহিছে ৷ ইফালে জাপানত জুন মাহত হব লগা কাৰাটে প্ৰশিক্ষনৰ বাবে নিৰ্বাচিত হোৱা মাজপোটনীৰ ধ্ৰুব জ্যোতি শইকীয়াক জাপানলৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰী ভাবে সহায় কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে ৷ ধ্ৰুবজ্যোতি বিপুল শইকীয়া আৰু চিমি শইকীয়াৰ পুত্ৰ ৷
Also Read: ৰঙাপৰাত পথ দুৰ্ঘটনা এজন নিহত