ৰাঙলু এঘাৰ মাইল সমাজ সচেতন মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান

ৰাঙলু এঘাৰ মাইল সমাজ সচেতন মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ ৰাঙলু এঘাৰ মাইলৰ সমাজ সচেতন মঞ্চৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানত অভিযান্ত্ৰিক আৰু চিকিৎসা শাস্ত্ৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এৰোনিটিকেল অভিযন্তা ইকৰাম শ্বাহ আৰু এম বি বি এছ ডাঃ আদিলুৰ ৰহমানক ৰাজহুৱাভাৱে গামোচা, জাপি আৰু মানপত্ৰৰে অভিনন্দন জনোৱা হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক নজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সভাখন। সভাত উক্ত দুই কৃতি ছাত্রক অভিনন্দন আৰু আশীৰ্বাদ সূচক বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বাছেদ আলী আৰু অশ্বিনী কুমাৰ পালে।

আনহাতে উক্ত অনুষ্ঠানত ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি আবু বক্কৰ ছিদ্দিক, উপ- সভাপতি খাইৰ উদ্দিন আহমেদ, প্ৰাক্তন সভাপতি চামাদ চৌধুৰী, শিক্ষক ইছাহক আলী, হাফিজুৰ ৰহমান, নুৰ আহমেদ আদিয়েও দুয়োগৰাকী ছাত্ৰক অনাগত সময়ৰ বাবে শুভেচ্ছা জনায়। সম্বৰ্ধনা সভাত অতিথিৰ ভাষণ আগবঢ়াই জাকিৰ হুছেইন, হবিবুৰ ৰহমান, উমৰ আলী, ছোৰহাব আলীয়ে।

কেউগৰাকী ব্যক্তিৰ ভাষণত দুয়োগৰাকীক আশিস প্ৰদান কৰাৰ লগতে ৰাইজৰ হিতে কাম কৰাৰ বাবে উপস্থিত ৰাইজে অনুৰোধ জনায়। উল্লেখ্য যে ৰুস্তম আলীয়ে আঁত ধৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই নাজিৰ হুচেইনে। ইফালে সম্বৰ্ধিত দুয়োগৰাকী ছাত্ৰই নিজৰ নিজৰ মন্তব্য আগবঢ়োৱাৰ লগতে অভিভাবক ৰহমান আলীয়েও নিজৰ অনুভৱ ব্যক্ত কৰে।

ৰাঙলু এঘাৰ মাইল সমাজ সচেতন মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান
ফ্ৰান্সলৈ মোডীঃ বেলিষ্ট দিৱসৰ পেৰেডত বাজিব 'চাৰে জাহা ছে আচ্ছা', অংশ ল'ব ভাৰতীয়ই...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in