ফ্ৰান্সলৈ মোডীঃ বেলিষ্ট দিৱসৰ পেৰেডত বাজিব 'চাৰে জাহা ছে আচ্ছা', অংশ ল'ব ভাৰতীয়ই...

ফ্ৰান্সলৈ মোডীঃ বেলিষ্ট দিৱসৰ পেৰেডত বাজিব 'চাৰে জাহা ছে আচ্ছা', অংশ ল'ব ভাৰতীয়ই...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়চোৱাত মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব।

এই বৈঠকত আই এন এছ বিক্ৰান্তৰ বাবে ২৬ খন ৰাফেল যুঁজাৰু বিমানৰ ক্ষেত্ৰত ভাৰত-ফ্ৰান্সৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱণা আছে। লগতে মেক-ইন-ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত মাজাগাও ডকয়াৰ্ডছ লিমিটেডত কালভেৰী শ্ৰেণীৰ আৰু তিনিখন ছাবমেৰিন ফ্ৰান্সৰ সহযোগত নিৰ্মাণৰ চুক্তি স্বাক্ষৰ হ'ব।

ভাৰত-ফ্ৰান্সৰ আংশীদাৰিত্বৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে দুয়ো দেশৰ মাজত কেইবাটাও বিষয়ত আলোচনা হোৱাৰ সম্ভাৱণা আছে। বেষ্টিল দিৱসৰ দিনাই মোডীৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি মেক্ৰই বিশ্ববিখ্যাত লভৰ মিউজিয়ামত আয়োজন কৰিছে চৰকাৰী ভোজমেলৰ। ১৪ জুলাইৰ দিনা এই দিৱসৰ পৰেডত ভাৰতীয় সেনাৰ তিনি বাহিনীয়ে অংশ ল'ব। ভাৰতীয় ২৬৯ কেডেটে 'চাৰে জাহা ছে আচ্ছা'ৰ তালে তালে পেৰেডত অংশ গ্ৰহণ কৰিব।

ফ্ৰান্সলৈ মোডীঃ বেলিষ্ট দিৱসৰ পেৰেডত বাজিব 'চাৰে জাহা ছে আচ্ছা', অংশ ল'ব ভাৰতীয়ই...
কাজিৰঙাত সম্পন্ন জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in