কৰিমগঞ্জত কৃপানাথ মাল্লাৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

এইবাৰৰ নিৰ্বাচনত কৃপানাথ মাল্লা অভিলেখ সংখ্যক ভোটত জয় লাভ কৰিব : জয়ন্ত মল্লবৰুৱা

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত কৃপানাথ মাল্লাৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক : কৰিমগঞ্জৰ বিশাল জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। মঙলবাৰে বিয়লি জিলাখনৰ কেইবাটাও অঞ্চলত প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে ভোটাৰ ৰাইজক কৃপানাথ মাল্লাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মন্ত্ৰীগৰাকীয়ে শিলচৰত নিৰ্বাচনী প্ৰচাৰ সামৰি কৰিমগঞ্জত উপস্থিত হয়। মঙলবাৰে বিয়লি কৰিমগঞ্জৰ কানিশাইল,উত্তৰ কৰিমগঞ্জ আদি এলেকাত আয়োজিত নিৰ্বাচনী সভাত উপস্থিত থাকি ভোটাৰ ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

উক্ত সভাত মন্ত্ৰী বৰুৱাই কয়- এইবাৰৰ নিৰ্বাচনত কৃপানাথ মাল্লা অভিলেখ সংখ্যক ভোটত জয় লাভ কৰিব বুলি আমাৰ মিত্ৰজোঁটৰ প্ৰতিজন কাৰ্যকৰ্তাই সুনিশ্চিত হৈছে ৷ লগতে কৰিমগঞ্জৰ ৰাইজে যোৱা দুদিনত আগবঢ়োৱা মৰম, আশীৰ্বাদ আৰু প্ৰধামন্ত্ৰী মোদীৰ প্ৰতি জনোৱা সমৰ্থনৰ কথা উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

কৰিমগঞ্জত আয়োজিত কেউখন সভাত বিপুল সংখ্যক ৰাইজৰ লগতে ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Also Read: কাছাৰৰ কাটিগড়াত বিশাল জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ELECTION 2024 KRIPANATH MALLA Jayanta Mallabaruah LOKSABHA 2024