তিতাবৰত বিজেপিত খহনীয়াঃ যিকোনো মুহূৰ্ততে ভংগ হ'ব তিতাবৰ পৌৰসভা...
তিতাবৰত বিজেপিত খহনীয়াঃ যিকোনো মুহূৰ্ততে ভংগ হ'ব তিতাবৰ পৌৰসভা...

তিতাবৰত বিজেপিত খহনীয়াঃ যিকোনো মুহূৰ্ততে ভংগ হ'ব তিতাবৰ পৌৰসভা...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰ বিজেপিত খহনীয়া। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে তিতাবৰ পৌৰসভা। উল্লেখ্য যে তিতাবৰ পৌৰসভাৰ পৌৰপতি ৰূপা দত্ত শইকীয়াৰ কাম কাজত অসন্তুষ্ট হৈ বিজেপি দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে তিতাবৰ পৌৰসভা প্ৰথমজন বিজেপি পৌৰপতি তথা বৰ্তমানৰ ১০ নং ৱাৰ্ডৰ কমিছনাৰ ৰাজীৱ দত্তৰ লগতে ৮ নং ৱাৰ্ডৰ কমিছনাৰ নিপা চুতীয়া লাহনে।

এই দুই কমিছনাৰে পৌৰপতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি বিদ্ৰোহ কৰাত দলৰ শীৰ্ষ নেতাই দুই পদত্যাগী ৱাৰ্ড কমিছনাৰক তেওঁলোকৰ সকলো সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। যোৱা ২১ জুলাইত তিতাবৰ পৌৰসভাৰ সকলো ৱাৰ্ড কমিছনাৰক মাতি নি আলোচনা কৰিছিল যদিও বিজেপিৰ দখলত থকা তিতাবৰ পৌৰসভা এতিয়া বিজেপিৰ হাতৰ পৰা যোৱাৰ সম্ভাৱনাইহে দেখা দিছে।

কিয়নো ৱাৰ্ড কমিছনাৰসকলক গুৱাহাটীলৈ মাতি নি সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাই বিদ্ৰোহ দমনৰ প্ৰচেষ্টা চলাইছিল যদিও সেই প্ৰচেষ্টাত ব্যৰ্থ হৈছে। দুই পদত্যাগী ৱাৰ্ড কমিছনাৰে অভিযোগ কৰি কয় যে, তেওঁলোকক গুৱাহাটীলৈ মাতি নিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে।

আজি এই সন্দৰ্ভত এক সংবাদ মাধ্যমৰ আগত ১০ ৱাৰ্ডৰ কমিছনাৰ তথা একালৰ তিতাবৰ পৌৰসভা প্ৰথমগৰাকী বিজেপি পৌৰপতি ৰাজীৱ দত্তই কয় যে, প্ৰয়োজন হ'লে আগন্তুক দিনত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ দলক তিতাবৰ পৌৰসভা গঠনৰ বাবে মুকলি সমৰ্থন আগবঢ়াব।

তিতাবৰত বিজেপিত খহনীয়াঃ যিকোনো মুহূৰ্ততে ভংগ হ'ব তিতাবৰ পৌৰসভা...
মণিপুৰ ভ্ৰণলৈ সাজু INDIA: ২০ জনীয়া সংসদৰ তালিকা প্ৰকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in