/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ce2510c7-e41e-4e80-9852-a4f4bb5849b7/55.jpg)
ডিজিটেল সংবাদ,নগাঁও : সমগ্ৰ শিক্ষা নগাঁও জিলাৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ ৯টা শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়সমূহৰ মাজৰ পৰা নিৰ্বাচিত শ্ৰেষ্ঠ বিদ্যালয় আৰু মাতৃগোটৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। সৰ্বমুঠ ২২২খন বিদ্যালয় পৰিচালনা সমিতিক বঁটা আৰু সম্বৰ্ধনা জনোৱা হয়।
শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ জৰিয়তে বিদ্যালয়ৰ উন্নয়ন আৰু সুস্থ পৰিকল্পনাৰ বাবে বিদ্যালয় পৰিচালনা সমিতি সমুহ গঠন কৰা হৈছে। বিনামূলীয়া আৰু বাধ্যতামূলক গুণগত শিক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ লগতে অভিভাৱক, স্থানীয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতি সমুহৰ উল্লেখযোগ্য ভূমিকা আছে।
বিদ্যালয়ৰ আন্তঃগাঁথনি,নামভৰ্তি তথা আনুসংগিক দিশত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিদ্যালয় পৰিচালনা সমিতিসমূহক উদ্গনি দিয়াৰ উদ্দেশ্যে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অতিৰিক্ত আয়ুক্ত ডঃ শিল্পী ৰেখা পণ্ডিত,নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক ও জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰভাত দাস, নগাঁও মহকুমাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক দেৱেন চন্দ্ৰ লহকৰ,নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি যগ্নেশ্বৰ ৰাজখোৱা, জিলা আঁচনি বিষয়া শ্ৰুতিমালা গায়ন।
উল্লেখ্য যে, অনুষ্ঠানৰ পোন প্ৰথমে আদৰণি ভাষণ আগবঢ়াই জিলা আঁচনি বিষয়া (সমাজ জড়িতকৰণ) প্ৰশান্ত কোঁৱৰে। বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়ন আৰু পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ ভুমিকাৰ বিষয়ে বিশিষ্ট ব্যক্তিসকলে মন্তব্য প্ৰদান কৰে।
চিআৰচিচি মনালিছা বৰাই আঁত ধৰা এই অনুষ্ঠানত নগাঁও জিলাত বিদ্যাঞ্জলী ২.০সফল ৰূপায়ন সন্দৰ্ভত আলোকপাত কৰে খণ্ড সমল ব্যক্তি আবুল হুছেইনে। আন্তঃগাঁথনিৰ লগতে বিদ্যায়তনিক দিশত আমুল পৰিৱৰ্তন কঢ়িয়াই অনা বিদ্যাঞ্জলীৰ অধীনত নগাঁও জিলাই সমগ্ৰ অসমৰ ভিতৰতে এক উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
সদৌ শেষত নিমন্ত্ৰিত অতিথিবৃন্দই বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সচিব আৰু সভাপতিসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ সদস্য সচিব আৰু সভাপতিৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল আৰু সমগ্ৰ শিক্ষা নগাঁও জিলাৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল।
Also Read: 'কা' বলৱতক লৈ উত্তাল হাওৰাঘাট