'কা' বলৱতক লৈ উত্তাল হাওৰাঘাট

'কা' বলৱতক লৈ উত্তাল হাওৰাঘাট

author-image
Asomiya Pratidin
New Update
'কা' বলৱতক লৈ উত্তাল হাওৰাঘাট

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলঙৰ হাওৰাঘাটত বুধবাৰে 'কা'ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাওৰাঘাট আঞ্চলিক আৰু সন্মিলিত জিলা ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিকে হাওৰাঘাট নগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত হাওৰাঘাটৰ ৰাজপথত প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।

Advertisment

আনহাতে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি চৰকাৰ গ'বেক আদি শ্ল'গানেৰে হাওৰাঘাট নগৰৰ আকাশ - বতাহ উত্তাল কৰি তোলে ।

Also Read: ৰঙিয়া,বিহদিয়া,হাজোত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

Haoraghat caa caa protest