/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0537a3f1-2268-4092-bc77-a628dd93792e/father.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ২০২০ চনৰ ৪ জুনত ৰাজ্যৰ কপোৱা এক ঘটনা সংঘটিত হৈছিল বটদ্ৰৱা সমষ্টিৰ জাজৰিত। আৰক্ষীৰ প্ৰহাৰত মৃত্যুক সাৱটি লব লগা হৈছিল, জাজৰি ধলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ দায়িত্বত থকা ফণীধৰ বৰা নামৰ এজন ব্যক্তি। সমগ্র ৰাজ্যত চৰ্চিত উক্ত ঘটনাত জাজৰিৰ এটা পৰিয়াললৈ অমানিশা নামি আহিছিল। কাৰণ আৰক্ষীৰ প্ৰহাৰৰ ফলত মৃত্যু হোৱা ফণীধৰ বৰাই পত্নীৰ লগতে ইহ সংসাৰত এৰি গৈছিল অষ্টম শ্ৰেণীত পঢ়ি থকা এটি কন্যা।
হৰ্ষিতা বৰা নামৰ প্ৰয়াত ফণীধৰ বৰাৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সদ্য ঘোষিত ফলাফলে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। হৰ্ষিতাই ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, গনিতত ৯৫, সমাজ বিজ্ঞানত ৯৭, ইংৰাজীত ৯৮, অসমীয়াত ৯০ সহ সৰ্বমুঠ ৫৭৮ নম্বৰ তথা ৯৬.৩৩% শতাংশ নম্বৰ লাভ কৰি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
স্বামীৰ মৃত্যুৰ পিছত আৰ্থিক আৰু মানসিকভাৱে ভাগি পৰা নিৰ্মালী শইকীয়াৰ জীয়ৰীৰ ফলাফলে পৰিয়ালটিলৈ যেন কাল অমানিশাৰ পাছত এটি আশাৰ কিৰণে দেখা দিছে। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন লৈ হৰ্ষিতাই নগাঁৱৰ কোনোবা এখন শিক্ষানুষ্ঠানতে উচ্চতৰ মাধ্যমিক বাবে নাম ভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে।
Also Read: জামুগুৰিহাটৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত জ্ঞান মেলা সম্পন্ন...