কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা নগাঁৱৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ

কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা নগাঁৱৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (CSS-ATMA) ৰ উদ্যোগত সোমবাৰৰ পৰা নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কৃষক মেলা ৷ বিভিন্ন কৃষি ক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰাৰ লগতে কৃষকসকলৰ আয় যাতে দুগুণ বৃদ্ধি হয় সেই উদ্দেশ্য আগত ৰাখিয়েই এই কৃষক মেলা খনি আয়োজন কৰা হৈছে ৷

দুদিনীয়াকৈ আয়োজিত হোবা এই কৃষক মেলা খনি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উদ্বোধনী ভাষণত বিধায়ক ৰূপক শৰ্মাই কৃষক সকলক উদ্দেশ্যি কয়- কৃষক সকলক আমাৰ বাবে দেশৰ ধৰণী স্বৰূপ । কৃষক সকলে আজি আমাক দুবেলা দুমুঠি অন্ন যোগান ধৰাত বিশেষভাবে অৰিহণা আগবঢ়াই আহিছে । কৃষক সকলৰ আয় যাতে বৰ্তমান অধিক বৃদ্ধি হয় ৷ তেওঁলোকে কৰা বিভিন্ন প্ৰকাৰৰ খেতি সমূহৰ বাবে যি কৃষি বীমাকৰণ প্ৰদ্ধতি আছে বা চৰকাৰীভাৱে কৃষক সকলে পাব লগীয়া সকলো খিনি চৰকাৰী সুবিধা যাতে লাভ কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে বিধায়ক গৰাকীয়ে ৷

আনহাতে,এই অনুষ্ঠানতে আয়োজিত প্ৰদৰ্শনীখনৰ দুৱাৰ মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। জিলা কৃষি বিভাগৰ উদ্যান শস্যৰ সমন্বয়ক পংকজ হাজৰিকাই আতঁধৰা অনুষ্ঠানটিত নগাঁও জিলা কৃষি বিভাগৰ জিলা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ গগৈ,চিলঙনীস্থিত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰা,কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী নিৰঞ্জন ডেকা,ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুণিমা দেব চৌধুৰী, এপাৰ্টৰ নলেড বিষয়া ভদ্ৰ কুমাৰ বৰা,নগাঁও মহকুমা কৃষি বিষয়া ৰকিবুল ফাৰুকীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক উদ্যমী কৃষক উপস্থিত থাকে ৷

কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা নগাঁৱৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ
কোকৰাঝাৰত প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in