/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ffbb0d0c-4551-4ea5-a666-0e17ad4e4acd/q28.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত সোমবাৰৰ পৰা প্ৰথম বড়োলেণ্ড আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। প্ৰথম বড়োলেণ্ড আন্তৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।
আজি পুৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভ কৰে বিটিআৰৰ সচিব প্ৰধান অনুৰাগ গোৱেলে ৷ ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে উপাচাৰ্য ড° লাইশ্ৰাম লাড্ডু সিঙে ৷
প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞানৰ মহোৎসৱক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷ শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে ।
উল্লেখ্য যে , উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোনপ্ৰথম বাৰৰ বাবে বিটিআৰ সদৰ কোকৰাঝাৰত আৰম্ভ হোৱা আন্ত:ৰাষ্ট্ৰীয় জ্ঞানৰ মহোৎসৱত ইংলেণ্ড, জাৰ্মানী , ছুইডেন, ম্যানমাৰ , টাইৱান আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ প্ৰখ্যাত ব্যক্তি, প্ৰতিনিধি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী, বিশিষ্ট ব্যক্তি আৰু সমল ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷
আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা বাংলাদেশৰ গ্ৰামীণ বিকাশ বেংকৰ প্ৰতিষ্ঠাতা, প্ৰখ্যাত অৰ্থনীতিবিদ তথা ন'বেল বঁটা বিজয়ী ড০ মহম্মদ ইউনুছে । উদ্বোধনী অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপক তথা বিশিষ্ট উদ্যোগপতি সবজিভাই ঢোলকীয়া, লাডাখৰ বিজ্ঞানী সনম ওৱাংচুপ, বলিউডৰ জনপ্ৰিয় অভিনেতা বিবেক অবেৰয়, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ভূটানৰ কনছুলেট জেনেৰেল জিগমে থিনলে ন্যামগেল, ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বাংলাদেশৰ ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ মহম্মদ আব্দুল ওৱাডু, স্কুল অৱ গ্লোবেল ষ্টাডিছ, ইউনিভাৰ্ছিটি অৱ ছাছেস্কৰ প্ৰফেছাৰ পিটাৰ নিউৱেল, ছাজীভাই দোলাকীয়া, বিটিআৰ এলেকাৰ কেইবাগৰাকী বিধায়ক আৰু বিটিআৰৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷
প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত মুখ্য অতিথিৰ ভাষণত ন'ৱেল বঁটা বিজয়ী প্ৰফেচৰ মহম্মদ ইউনুছে কয় যে যি শিক্ষাই মানুহক মৃত্যু বিভীষিকাৰ পৰা ৰক্ষা কৰিব নোৱাৰে, সেই শিক্ষাৰ প্ৰয়োজনীয়তা ক'ত, ন'বেল বঁটা বিজয়ী অৰ্থনীতিবিদ ডঃ মহম্মদ ইউনুছে আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগৰ চিত্তাকৰ্ষক কাহিনী বৰ্ণনা কৰি কয় যে মানুহে চাকৰি কৰিবলৈ জন্ম গ্ৰহণ কৰা নাই । মানুহ হ'ল ক্ৰিয়েটিভ । জ্ঞান অকল চাকৰি কৰাৰ বাবে নহয় , মানুহক ৰাস্তা দেখুৱাই দিব পৰাটো হে আচল জ্ঞান । বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছে তিনিটা শূণ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সেয়া নাইকিয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । গোলকীয় উষ্ণতা শুন্য কৰা, চাকৰি বিচৰা মানুহ শুন্য কৰা আৰু দৰিদ্ৰতা শুন্য কৰাত গুৰুত্ব আৰোপ কৰে মহম্মদ ইউনুছে ।
উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা জ্ঞান মহোৎসৱত বলিউডৰ প্ৰখ্যাত অভিনেতা বিবেক অৱৰয়ে অংশগ্ৰহণ কৰি বড়োলেণ্ড তেওঁলোকৰ ধাৰণা সলনি কৰা বুলি কয় । প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ উচ্চ প্ৰশংসা কৰি প্ৰখ্যাত অভিনেতা বিবেক অৱৰয়ে বড়োলেণ্ডৰ সংস্কৃতিকো উচ্চ প্ৰশংসা কৰে ।
ইপিনে সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱে বড়োলেণ্ড অঞ্চললৈ এক নতুন পৰিৱেশ আনিব বুলি মন্তব্য কৰে । আমি ঋণাত্মক চিন্তাধাৰা পৰিহাৰ কৰি বেয়া পৰিৱেশৰ পৰা ওলাই ধনাত্মক চিন্তাধাৰাৰে নতুন সমাজ গঢ়িব লাগিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।
অনিশ্চয়তা দুৰ কৰি নতুন সংকল্প গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত উপলক্ষে ইয়াত সমবেত হোৱা বিশিষ্ট ন'ৱেল বঁটা বিজয়ী মহম্মদ ইউনুছকে ধৰি আন বিশিষ্ট ব্যক্তিসকলৰ পৰামৰ্শ -উপদেশ আৰু চিন্তাধাৰাৰ ভাগবটোৰোৱাই অঞ্চলটোৰ প্ৰগতি আৰু উন্নয়নৰ ক্ষেত্ৰত দিকদৰ্শক ৰূপে বিবেচিত হ'ব ।
প্ৰণিধানযোগ্য যে প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱে লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অত্যুতসাহীৰ লানি নিছিগা সোঁত বৈছে আৰু সমান্তৰালভাৱে বিভিন্ন বিষয়ৰ ওপৰত চেমিনাৰ অনুষ্ঠিত হৈছে ।