অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা...

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা...

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁৱৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰাক শুকুৰবাৰে আনুুুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ এই মৰ্মে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এখনি সভাত মুখ্য অতিথিৰূপে খাগৰিজান শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ উপস্থিত থাকি সমাজত শিক্ষকৰ সন্মান শিক্ষকসকলে নিজেই বৰ্তাই ৰখা উচিত বুলি মন্তব্য কৰে ৷

Advertisment

বিদ্যালয়ৰ প্ৰধান শিক্ষক পৱন জ্যোতি বৰাই আঁত ধৰা সভাখনত "নুপুৰ মোমাইদেউ" খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীনেশ হাজৰিকা, চকলাঘাট জে বি বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ প্ৰসাদ ভড়ালী, খাগৰিজান শিক্ষা খণ্ডৰ সমল ব্যক্তি মন্টুল কুমাৰ শৰ্মা, খণ্ড সমল সমন্বয়ক নৰেন ডেকাকে ধৰি কেইবাজনো বক্তাই বক্তব্য ৰাখে ৷

সভাত অৱসৰী শিক্ষকগৰাকীক বিদ্যালয়ৰ শিক্ষক গোটৰ ফালৰ পৰা শৰাই, স্মাৰক, ধৰ্মগ্ৰন্থ, চেলেং, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জনায় ৷ ইয়াৰ সমান্তৰালভাবে পূৱ হাতীচোং সন্মিলিত মঞ্চ, সান্নিধ্য, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰাও অৱসৰী শিক্ষকজনক সম্বৰ্ধনা জনোৱা হয় ৷

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশিত নৃত্য-গীতেৰে উজ্বলি উঠা গাম্ভীৰ্যপূৰ্ণ সভাখনিত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভানুমাই দেৱী, শুভদ্ৰা বেজবৰুৱা, খাগৰিজান শিক্ষা খণ্ডৰ খণ্ড গাণনিক মৃগাংক কাশ্যপ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি যজ্ঞেশ্বৰ বৰা, পাৰুল দেৱী, টুটুমনি বৰা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন নাথ, পূৱ হাতীচোং সন্মিলিত মঞ্চৰ মানস নাথ, কল্পেন্দ্ৰ কৌশিক বৰা, সাৰংগ বৰা, স্বৰাজ দ্বীপ বৰা, বিদ্যালয়ৰ শিক্ষক ৰাজু কলিতা, কৌশিক শইকীয়া, শিক্ষয়িত্ৰী জুনু বৰা, অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

সম্বধৰ্ণা গ্ৰহণ কৰি অৱসৰী শিক্ষক অতুল চন্দ্ৰ বৰাই বিদ্যালয়খনৰ সৈতে সংপৃক্ত হৈ থকা সুদীৰ্ঘ সময়ৰ কৰ্মজীৱনত পোৱা অভিজ্ঞতা সম্পৰ্কে বক্তব্য আগবঢ়াই আবেগিক হৈ পৰে ৷

Also Read: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাঃ ঢকুৱাখনাত ১৪৪ ধাৰা জাৰি...

বেবেজীয়া সহকাৰী শিক্ষক