উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাঃ ঢকুৱাখনাত ১৪৪ ধাৰা জাৰি...

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাঃ ঢকুৱাখনাত ১৪৪ ধাৰা জাৰি...

author-image
Asomiya Pratidin
New Update
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাঃ ঢকুৱাখনাত ১৪৪ ধাৰা জাৰি...

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাঃ ঢকুৱাখনাত ১৪৪ ধাৰা জাৰি...

ডিজিটেল সংবাদ ঢকুৱাখনা:  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ'ব। সংসদৰ অন্তৰ্গত এই পৰীক্ষা ঢকুৱাখনা মহকুমাৰ মুঠ ১৬ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ।

Advertisment

ঢকুৱাখনা মহকুমাৰ হাৰ্হি চিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ব্ৰহ্মপুত্ৰ চিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়,ঢকুৱাখনা মহাবিদ্যালয় , ইউনাইটেড ট্ৰেইবেল মহাবিদ্যালয়, সোৱণশিৰী চিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , কেঁকুৰী চিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয় , ঢকুৱাখনা বালিকা মহাবিদ্যালয় , অৱনৰী কনিষ্ঠ মহাবিদ্যালয়, ৰেগাম সোৱণশিৰী মহাবিদ্যালয় , নৰ্থ বেংক মহাবিদ্যালয় , ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঘিলামৰা বালিকা চিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব।

শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাবে পৰিগণিত এই শিক্ষান্ত পৰীক্ষাৰ সময়ছোৱাত সুস্থ শৈক্ষিক পৰিবেশ বৰ্তাই ৰখাৰ লগতে মুক্ত আৰু নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত ঢকুৱাখনা মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা । মহকুমাটোৰ মহকুমাধিপতি তথা জিলা অতিৰিক্ত কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই শুকুৰবাৰে ডি এম জে-২/২০১৭ নং এক নিৰ্দেশনা যোগে এই ১৬ টা পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধ এলেকাত ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে ।

উল্লিখিত পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাৰ্থী সকলৰ অভিভাৱক, শুভাকাংক্ষী , আত্মীয় স্বজনৰ লগতে অন্যান্যৰ সমাগমৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰসমূহত সুস্থ শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা অতিৰিক্ত কাৰ্যবাহী দণ্ডাধীশ বৰুৱাই কেন্দ্ৰ সমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধ এলেকাত ৪ গৰাকীতকৈ অধিক ব্যক্তি সমাগম হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দি পৰীক্ষা শেষ  নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বলবৎ থাকিব বুলি নিৰ্দেশনাটোত প্ৰকাশ ।

Also Read: কৃতী শিক্ষক ৰূপৰাম হাজৰিকাৰ স্মৃতিচাৰণ সভা..

ঢকুৱাখনা