/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/26634315-7c56-4b64-a01a-ab2176815f5a/0001.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ নাথে কৰ্ম জীৱনৰ পৰা অৱসৰ লোৱা উপলক্ষে বুধবাৰে ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে উপাধ্যক্ষ তিলেশ্বৰ শইকীয়াই।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতিৰ তৰফৰ পৰা দিলীপ কুমাৰ নাথক ফুলাম গামোছা, ধৰ্মগ্ৰন্থ, বেগ, সম্বৰ্ধনা পত্ৰ, ছাতি, শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত বিদায়ী শিক্ষক নাথে আগবঢ়োৱা অমূল্য অৱদানৰ বাবে সভাত কেইবাগৰাকী বক্তাই কৃতজ্ঞতা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9cb69e18-af6f-4981-925b-271077a459ac/85aeb3bb_4cab_459d_b19e_744a688befd8.jpg)
উল্লেখ্য যে ১৯৮৫ চনৰ ৫ মাৰ্চত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শিক্ষক দিলীপ কুমাৰ নাথে সুদীৰ্ঘ ৩৮ বছৰে কাৰ্যনিৰ্বাহ কৰি যোৱা ৩১ মাৰ্চত অৱসৰগ্ৰহণ কৰে। শিক্ষক হিচাপে এজন ন্যায় পৰায়ণ, সৎ, নিষ্ঠাবান আৰু কৰ্তব্য-নিষ্ঠাক আগস্থান দিয়া লোক হিচাপে পৰিচিত শিক্ষক আছিল।
ছাত্ৰ, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষকজনক ৰাইজে একেমুখে শলাগ লয়। লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কুশ মহন্ত, অমল বৰা, আৰু শিক্ষয়িত্ৰী গীতু মনি বৰাৰ লগতে ছাত্ৰী কাব্যশ্ৰী মেধিয়ে।
ইয়াৰোপৰি অনাগত দিনবোৰতো বিভিন্ন সামাজিক কাম-কাজৰ সৈতে নিজকে জড়িত ৰাখিবলৈ বিদায়ী শিক্ষকজনৰ প্ৰতি অনুৰোধ জনায়। ইফালে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গুৰু বন্দনাৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি শিক্ষক দিলীপ কুমাৰ নাথৰ ৰচিত এটি কবিতা আবৃত্তি কৰে শৰ্মিষ্ঠা শইকীয়াই।
অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তপন শইকীয়া, উপ-সভাপতি বলোৰাম মহেলা, বিদায়ী শিক্ষক দিলীপ কুমাৰ নাথৰ সহধৰ্মিনী প্ৰণতী দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক ভৈৰৱ কলিতা, বিনোদ বৰুৱা, বিনোমা বৰা, আব্দুল কুদ্দুচ, আব্দুল হাছান, যাদৱ বৰুৱা, কমল শইকীয়া, লুটফুৰ ৰহমানৰ, খগেন বৰাকে আদি কৰি কেইবাগৰাকী প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীবৃন্দ, ছাত্ৰ- ছাত্ৰী, অতিথিসহ ৫ শতাধিক লোক উপস্থিত থাকে।
Also Read: NPSকলৈ অসন্তুষ্ট ৰাজ্যিক কৰ্মচাৰী : কামপুৰ মহাবিদ্যালয়ত কৰ্মবিৰতি কাৰ্যসূচী