/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9c33d565-5eda-45b7-ab5c-0a746a836e9d/0010.jpg)
ডিজিটেল সংবাদ,কামপুৰ : ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (NPS)কলৈ অসন্তুষ্ট ৰাজ্যিক কৰ্মচাৰীসকল। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (NPS) বাতিল কৰি পুৰণি পেঞ্চন আঁচনি (OPS) বাহাল ৰখাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে কামপুৰ মহাবিদ্যালয়তো কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম কলেজ শিক্ষক সন্থাৰ সহযোগত কামপুৰ মহাবিদ্যালয় শিক্ষক গোটৰ উদোগত NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত কলেজৰ যাবতীয় কাম কাজ বন্ধ কৰি কৰ্মবিৰতি পালন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bf32aa75-b271-4a8f-ab9e-5feeee3b0a36/a77eb69f_e83c_4b1f_8a18_a7a70d97c70c.jpg)
কামপুৰ মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী গোটৰ সদস্য সদস্যাই ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাহাল ৰখাৰ বাবে ২২ আৰু ২৩ ত আগষ্টত কৰ্মবিৰতি লোৱা পৰিলক্ষিত হয় । গণতান্ত্ৰিকভাৱে কলেজখনত শিক্ষক আৰু কৰ্মচাৰীয়ে কৰা কৰ্মবিৰতিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ সলনি পুৰণি পেঞ্চন আঁচনি বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনায়।
Also Read: চন্দ্ৰযান- ৩ অৱতৰণৰ দৃশ্য শিক্ষাৰ্থীক দেখুৱাবলৈ সাজু কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়