পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন

পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন

পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন

ডিজিটেল সংবাদ বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালযখনৰ শিক্ষক দীপক চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনতেই বিদ্যালয়খনৰ চৰ্তুথ বৰ্গৰ কৰ্মচাৰী বনমালী শ‌ইকীয়াক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

১৯৮৭চনতেই কৰ্তব্যত যোগদান কৰি ২৮ ফেব্ৰুবাৰী ২০২৩ লৈকে সততা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব সম্পাদন কৰা বনমালী শ‌ইকীয়াৰ বিদায় বেলাত বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষগুৰুৱে তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰি আবেগিক হৈ পৰে।

উক্ত বিদায় সম্বৰ্ধনা সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক জগত জ্যোতি বৰা,সহকাৰী শিক্ষক যতীন্দ্ৰ নাথ কলিতা, ভানু হাজৰিকা, জুন্টি দাধৰা, অনিমা কলিতাৰ লগতে উচ্চ বৰ্গৰ কাৰ্যালয় সহায়ক যতীশ শৰ্মায়ো উপস্থিত থাকে। উল্লেখ্য যে বনমালী শ‌ইকীয়াক বিদ্যালয় কৰ্তৃপক্ষই এখন গামোচা, মান পত্ৰ, এখন শৰাই আৰু এটা ছাতিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Also Read: ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকঃ১৫ জুনৰ ভিতৰত শেষ কৰিব ব্ৰীজ ভূষণৰ বিৰুদ্ধে তদন্ত...

বঢ়মপুৰ