/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/85053684-cf2d-4f3d-b70d-48103b6513dc/doctor.jpg)
ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিন
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ কচুৱাত আবিৰ্ভাৱ হৈছে এজন স্বয়ম্ভু চিকিৎসকৰ ৷ তেওঁ মাথো ফাৰ্মাচিষ্ট উত্তীৰ্ণ যদিও নিজকে ডাক্তৰ বুলিহে পৰিচয় দি ফুৰে ৷ তেওঁৰ নাম হৈছে ৰিয়াজ উদ্দিন ৷
স্বয়ম্ভু ডাক্তৰ ৰিয়াজ উদ্দিনে কচুৱাত স্থাপন কৰিছে লোৱনা ড্ৰাগছ নামৰ এটি পাইকাৰী ঔষধ বিক্ৰি কেন্দ্ৰ ৷ কিন্তু ৰিয়াজ উদ্দিনে তেওঁৰ ফাৰ্মাচীত মুক্ত ভাৱে বিক্ৰী কৰি গৈছে খুচুৰা দৰৱ।এই ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি চতুৰ ৰিয়াজুদ্দিনে পাইকাৰী আৰু খুচুৰা দুয়োটা ব্যৱসায়িক বজাৰ দখল কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ec639812-b57f-4f8f-9406-df9da4c71122/5b6d505b_f7ca_4f58_aa0e_11640ad69ef6.jpg)
অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু নগাঁও জিলা প্ৰশাসনক অন্ধকাৰত ৰাখি ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিনে তেওঁৰ ব্যক্তিগত ফাৰ্মাছিত খুলিছে চিকিৎসকৰ চেম্বাৰ ৷ মাজে সময়ে মাইক যোগেও চলাইছে প্ৰচাৰ ৷ ৰিয়াজ উদ্দিনে নিজৰ ঘৰত ভুৱা ফাৰ্মাচি খুলি ভাৰতীয় প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ নামত চলাই গৈছে আন এক দুই নম্বৰী কাৰবাৰ ৷
বৃহত্তৰ কচুৱাবাসীক ফাকি দি ৫০-৯০% ৰেহাই মূল্যৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ দৰৱ ৰাইজৰ মাজত বিতৰণ নকৰি ব্লেকত বিক্ৰী কৰাৰ দৰে জঘন্য অপৰাধত নাম সাঙুৰ খাই পৰিছে কচুৱা লোৱনা ড্ৰাগছৰ স্বতাধিকাৰী কম্পাণ্ডৰ ৰিয়াজ উদ্দিনৰ বিৰুদ্ধে ৷ আসাম ফাৰ্মাচিষ্ট সন্থাৰো নেতা ৰিয়াজ উদ্দিন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3834ab78-e652-44ad-9881-5c7b2b1987b5/bcf37471_4bc6_452e_9dcf_0c05d254ae5c.jpg)
অসম ফাৰ্মাচী কাউন্সিলৰ দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীক মেনেজ কৰি নবাগত বি ফাৰ্ম আৰু ডি ফাৰ্ম ডিপ্লমাধাৰী যুৱক যুৱতীৰ পৰা শকত পৰিমানৰ ধন সংগ্ৰহ কৰি বক্ৰ পথেৰে পঞ্জীয়ন কৰি দিয়াৰ দালালি কামত নিয়োজিত হৈ লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। কচুৱাৰ স্বয়ম্ভু ডাক্তৰ ৰিয়াজ উদ্দিনৰ বিৰুদ্ধে ইতিমধ্যে নগাঁও সদৰ থানাত ৰুজু হৈছে গোচৰ। আৰক্ষীৰ তদন্ততহে ওলাই পৰিব উৰহী গছৰ ওৰ।
Also Read: দলংঘাট সংহত শিশু প্ৰকল্প কাৰ্যালয়ত পোষণ পখোৱাৰ উদযাপনৰ সামৰণি অনুষ্ঠান...