/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ef6b92ef-ccfb-4d74-98ec-aa64c754049b/nagaon.jpg)
শিশু প্ৰকল্প কাৰ্যালয়
ডিজিটেল সংবাদ, বটদ্ৰৱঃ নগাওঁ জিলাৰ বটদ্ৰৱা দলংঘাট সংহত শিশু প্ৰকল্প কাৰ্যালয়ৰ প্ৰাংগনত প্ৰাক্তন অভিযন্ত্ৰা বিষ্ণু বৰা উপস্থিতিত পোষণ পখোৱাৰ কাৰ্যসূচী উদযাপন কৰা হয়। অনুষ্ঠানটি পৰিচালনা কৰে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ চিদিপিঅ ধৰিত্ৰী ৰংপিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0b5d4c97-9a70-4914-8a48-4ab0a5c058ed/04a8a59c_c0d8_4f00_ab60_02ae19e947c5.jpg)
এই পোষণ পখোৱাৰ উদযাপনৰ কাৰ্যসূচীত ভাল স্বাস্থ্যৰ তিনিটা শিশুক পুৰস্কাৰ, ১০ জন শিশুক নিচুকনি বঁটা প্ৰদান কৰা হয়। অংগনবাড়ী কেন্দ্ৰত ভাল খাদ্য বনোৱাৰ বাবে ২৪ গৰাকীক মানপত্ৰ প্ৰদান কৰে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ধৰিত্ৰী ৰংপিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a92ba4cd-829c-4b8f-b3ed-7a7dcb8e3834/d99d80ab_1fd6_43c1_a319_74eda2b3286b.jpg)
অনুষ্ঠানটিত পুস্পেন্দ্ৰ শইকীয়া, পবিত্ৰ কুমাৰ লস্কৰ পোষণৰ বিষয়া ৰিতা মনি বৰা, মুন দাস, মুখ্য সেবিকা ৰাধিকা ৰামচিয়াৰী শইকীয়া, চম্পামনি শইকীয়া আৰু অংগনবাড়ী কেন্দ্ৰৰ কমী সকল উপস্থিত থাকে।
Also Read: বড়োলেণ্ড আন্দোলনৰ ১৯৩ টা ছহিদ পৰিয়াললৈ ৫ লাখকৈ আৰ্থিক সাহায্য...