জব্দ বৃহৎ পৰিমানৰ নকল টকা

জব্দ বৃহৎ পৰিমানৰ নকল টকা

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত পুনৰ সক্ৰিয় হৈ উঠিছে নকল টকাৰ ব্যৱসায়ী ৷ পুনৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ নকল টকা ৷ চহৰখনৰ ধিঙ গেইটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩৩ লাখ ৫২ হাজাৰ ৫০০ টকাৰ নকল টকা ৷

গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে ধিঙ গেইট চলোৱা অভিযানৰ সময়ত উদ্ধাৰ হয় এই নকল টকা ৷ আৰক্ষীয়ে শ্বৰাফৎ আলি (৩৭) আৰু নুৰ হুছেইন (২২)ক আটক কৰে ৷ দুয়োৰে ঘৰ নগাঁও জিলাৰ জুৰীয়াত ৷ লগতে অভিযানকাৰী দলে এখন গাড়ীও জব্দ কৰে ৷ জব্দ কৰা গাড়ী খনৰ নম্বৰ হৈছে এ আৰ ০১ এন ৩১২০ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in